NORTHEAST NOW (Assamese)

প্ৰাক্তন RAW-ৰ মুৰব্বী দৌলতৰ মন্তব্য-‘সফল কাশ্মীৰ নীতি, কিন্তু হেৰুৱাইছে ভাৰতৰ অনুভুতি’

February 25, 2023 9:48 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 25, 2023 9:51 am
প্ৰাক্তন ৰ'ৰ মুৰব্বী অমৰজিৎ সিং দৌলত।

বিগত ২০১৯ ৰ ৫ আগষ্টৰ পৰা কাশ্মীৰ সম্পূৰ্ণৰূপে সলনি হৈছে। ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰা হৈছে। সংবিধানৰ ৩৫এ অনুচ্ছেদো বাতিল কৰা হৈছে। এখন ৰাজ্যৰ মৰ্যাদা হেৰুওৱাৰ পিছত জম্মু আৰু কাশ্মীৰ এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখক জম্মু আৰু কাশ্মীৰৰ পৰা পৃথক কৰা হৈছে। পিছত, জম্মু আৰু কাশ্মীৰৰ বিধানসভা আসন পুনৰ গঠন কৰা হয়। অৱশ্যে, নিৰ্বাচন এতিয়াও হোৱা নাই। কেতিয়া হ’ব তাৰো কোনো ধাৰণা নাই।

কিন্তু এই সকলোবোৰৰ মাজতে সন্ত্ৰাসবাদ অব্যাহত আছে। অৱশ্যে সন্ত্ৰাসবাদীৰ আক্ৰমণ আগৰ তুলনাত হয়তো যথেষ্ট কম হৈছে। কেন্দ্ৰীয় চৰকাৰে সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি উপত্যকাটোক দুৰ্গলৈ পৰিণত কৰিছে। এই প্ৰ সংগতে কাশ্মীৰ সন্দৰ্ভত প্ৰাক্তন ৰ’ৰ মুৰব্বী অমৰজিৎ সিং দৌলতে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

দৌলতৰ মতে, মোডীৰ পেশী শক্তি আৰু সেনা মোতায়েনৰ ফলত কাশ্মীৰত সন্ত্ৰাসবাদ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। কিন্তু একে সময়তে কাশ্মীৰে ইয়াৰ ‘ভাৰতৰ অনুভূতি’ হেৰুৱাইছে। ৰ’ৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ মতে, কাশ্মীৰক “স্নেহৰ স্পৰ্শ”ৰ প্ৰয়োজন।

তেওঁৰ ‘এ লাইফ ইন দা শ্বেডোজ’ নামৰ গ্ৰন্থখনৰ ওপৰত এক আলোচনাত ভাষণ দি দৌলতে কয়, “ৰাহুল গান্ধীয়ে শ্ৰীনগৰৰ লাল চ’কত ভাৰতীয় পতাকা উত্তোলন কৰি উপত্যকাত ভাৰতৰ ধাৰণাটো ঘূৰাই আনিছে। দৌলতে আগতে কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীৰ কাষত খোজ কাঢ়িছিল। যাৰ বাবে তেওঁক বিজেপিয়ে ৰাজনৈতিকভাৱে আক্ৰমণ কৰিছিল।

১৯৯০ ৰ দশকত যেতিয়া কাশ্মীৰী পণ্ডিতসকলক উপত্যকাৰ পৰা বলপূৰ্বক বিতাড়িত কৰা হৈছিল তেতিয়া দৌলত ইণ্টেলিজেঞ্চ ব্যুৰোৰ কাশ্মীৰ গোটৰ মুৰব্বী আছিল। দৌলতে কাশ্মীৰৰ প্ৰতি চৰকাৰৰ মনোভাৱৰ প্ৰতি তেওঁৰ “অসন্তুষ্টি” স্পষ্ট কৰিছে। তেওঁ কয়, “চৰকাৰৰ বাহুবলী নীতি সফল হৈছে। সন্ত্ৰাসবাদ হ্ৰাস পাইছে। কিন্তু কাশ্মীৰৰ পৰা ভাৰতৰ অনুভূতি নাইকিয়া হৈ গৈ আছে।

আনহাতে, ৰাহুল গান্ধীৰ সন্দৰ্ভত তেওঁ কয়, “লাল চ’কত ভাৰতীয় পতাকা উত্তোলন কৰাৰ আঁৰত ৰাহুল গান্ধীৰ উদ্দেশ্য যিয়েই নহওঁক কিয়, যোৱা কেইবা বছৰত এইটো প্ৰথম বাৰৰ বাবে কাশ্মীৰত ভাৰতৰ অনুভূতিক তুলি ধৰা হৈছে।‘’ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি তেওঁৰ অভিযোগ, ‘’কেন্দ্ৰই জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে কৈছে। কিন্তু এইটো কেতিয়া কৰা হ’ব তাৰ কোনো নিৰ্দিষ্ট তাৰিখ নাই।‘’

দৌলতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, “মই নৰেন্দ্ৰ মোডীক আশ্বাস দিব পাৰোঁ যে যদি জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা হয়, তেন্তে তেওঁ শ্ৰীনগৰলৈ আহি কোনো নিৰাপত্তা অবিহনে এখন মুকলি জীপত ঘূৰি ফুৰিব পাৰিব। আমি কাশ্মীৰত শান্তি পুনৰুদ্ধাৰৰ উপায় বিচাৰিব লাগিব। কাশ্মীৰ সমস্যাৰ সমাধান হয়তো কেতিয়াও ওলাই নাহে, কিন্তু এতিয়া কাশ্মীৰক মৰমৰ স্পৰ্শৰ প্ৰয়োজন।‘’

Related News