NORTHEAST NOW (Assamese)

কাৰাবন্দী অপৰাধীক পলুৱাই নিয়াৰ চেষ্টা: সমাজবাদী পাৰ্টিৰ প্ৰাক্তন বিধায়কসহ ১৮ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু

October 28, 2022 5:12 pm · এন ই নাও নিউজ, গুৱাহাটী

কাৰাগাৰত বন্দী হৈ থকা এগৰাকী অপৰাধীক কাৰাগাৰৰ পৰা পলুৱাই নিয়াৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত আইনী গোচৰৰ সন্মুখীন হ’বলগীয়া হৈছে উত্তৰ প্ৰদেশৰ এগৰাকী প্ৰাক্তন বিধায়কসহ আন ১৮ গৰাকী লোক।

গোচৰৰ সন্মুখীন হ’বলগীয়া প্ৰাক্তন বিধায়ক গৰাকী হৈছে সমাজবাদী পাৰ্টিৰ নেতা দীপ নাৰায়ণ সিং যাদৱ।

যাদৱ আৰু আন ১৮ গৰাকী লোকৰ বিৰুদ্ধে এগৰাকী অপৰাধীক কাৰাগাৰৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰাৰ বাবে গেংষ্টাৰ আইন আৰোপ কৰা হৈছে।

অভিযুক্ত যাদৱসহ আন কেইগৰাকী লোকে কনৌজ কাৰাগাৰত বন্দী হৈ থকা হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা লেখৰাজ যাদৱক মুক্ত কৰিবলৈ চেষ্টা কৰিছিল।

উল্লেখ্য যে যোৱা ১৬ ছেপ্টেম্বৰত ঝান্সীৰ এখন আদালতলৈ যোৱাৰ সময়ত লেখৰাজ যাদৱক মুক্ত কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগত দীপ নাৰায়ণ সিং যাদৱক গ্ৰেপ্তাৰ কৰা হৈছিল।

ধৃত দীপ নাৰায়ণ সিং যাদৱ ঝান্সি জিলাৰ গৰাউথা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে লেখৰাজ যাদৱক ইয়াৰ পূৰ্বেও কেইবাবাৰো কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News