ক’ভিডত আক্ৰান্ত হৈ মৃত্যু শিৱসাগৰৰ প্ৰাক্তন পৌৰপতি মণিৰুদ দৌল্লাৰ

siv

শিৱসাগৰৰ প্ৰাক্তন পৌৰপতি তথা শিৱসাগৰ সমাজ জীৱনৰ লগত জড়িত পুৰোধা ব্যক্তি মণিৰুদ দৌল্লাৰ আজি পুৱা ৯.৩০ বজাত যোৰহাট মেডিকেল কলেজত ক’ভিডত আক্ৰান্ত হৈ  মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ।

উল্লেখ্য যে এটা পষেক ধৰি প্ৰাক্তন পৌৰপতি গৰাকী ক’ভিডত আক্ৰান্ত হৈ যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।

শিৱসাগৰ চহৰৰ ধাইআলিৰ সম্ভ্ৰান্ত দৌল্লা পৰিয়ালৰ মণিৰুদ দৌল্লা শিৱসাগৰ পৌৰসভাৰ পাঁচবাৰ নিৰ্বাচিত প্ৰতিনিধি আছিল।

২০০৯ চনৰ ১৭ চেপ্তেম্বৰৰ পৰা ২০১০ চেপ্তেম্বৰ মাহলৈ তেওঁ শিৱসাগৰ পৌৰসভাৰ পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০২ চনৰ পৰা ২০০৩ বৰ্ষলৈ তেওঁ শিৱসাগৰ পৌৰসভাৰ উপ-পৌৰপতি হিচাপে দায়িত্ব লাভ কৰিছিল।

ইয়াৰোপৰি তেওঁ শিৱসাগৰ ৰংপুৰজ্যোতি ক্লাবৰ প্ৰাক্তন সভাপতিৰ লগতে তৰুণ সংঘ ৰিডিং ক্লাবৰো সভাপতিৰ দায়িত্ব পালন কৰিছিল।

এটা সপ্তাহৰ পূৰ্বে তেওঁৰ বৌয়েকৰো ক’ভিডত মৃত্যু হৈছিল।

প্ৰাক্তন পৌৰপতি গৰাকীৰ মৃত্যুত ধাইআলিৰ লগতে সমগ্ৰ শিৱসাগৰত শোকৰ ছাঁ পৰে।