• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আবকাৰী বিভাগৰ অভিযান : মাজুলীত সুৰাৰ বৃহৎ ক’লা বজাৰ; সুৰা ব্যৱসায়ীৰ হোম ডেলিভাৰীৰ ব্যৱস্থা

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , November 3, 2019 6:02 pm

2 min read

আবকাৰী বিভাগৰ অভিযান : মাজুলীত সুৰাৰ বৃহৎ ক’লা বজাৰ; সুৰা ব্যৱসায়ীৰ হোম ডেলিভাৰীৰ ব্যৱস্থা
17k
VIEWS
Share on FacebookShare on Twitter

ৰাস মহোৎসৱক কেন্দ্র কৰি চৰকাৰীভাৱে সুৰামুক্ত মাজুলীলৈ নিতৌ চলিছে অবৈধ বিলাতী সুৰাৰ অবাধ সৰবৰাহ। আজি পুৱতি নিশা যোৰহাট আৰু মাজুলীৰ আবকাৰী বিভাগে নিচেই পুৱাৰে পৰা মাজুলীৰ একাধিক স্থানত সুৰা বিৰোধী অভিযান চলায়।

অভিযানকালত পুৱা প্ৰায় ৩.৩০ বজাত লোহিত ঘাটত চলোৱা প্ৰথমটো অভিযানত ৩৬ বটল বিদেশী সুৰাৰ লগতে সুৰা পৰিবহণত ব্যৱহৃত এখন হিৰো-হোণ্ডা স্প্লেণ্ডাৰ বাইক (এএছ/০৭এ-০১২১) জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে পুৱা ৬.২০ বজাত মাজুলী আৰক্ষীৰ সহযোগত পহুমৰা নাথগাঁৱত দিনটোৰ দ্বিতীয়টো সুৰা বিৰোধী অভিযান চলাই বিভাগটোৱে যথেষ্ট সংখ্যক বিদেশী সুৰা জব্দ কৰাৰ লগতে এই চোৰাং সুৰা ব্যৱসায়ত জড়িত এজন লোককো গ্ৰেপ্তাৰ কৰে।

মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে মাজুলীত অবৈধ বিলাতী সুৰাৰ বেহা কঠোৰভাবে বন্ধ কৰিবৰ কাৰণে সংশ্লিষ্ট পক্ষ সমূূূূহক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। এই নিৰ্দেশ কিমান দূৰ ফলৱৰ্তী হয় সেয়া সময়তহে লক্ষণীয় হ’ব।

উল্লেখযোগ্য যে বিভিন্ন সময়ত আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰি আহিছে যদিও সুৰা ব্যৱসায়ৰ বৃহৎ চক্ৰটোক নিয়ন্ত্ৰণলৈ আনিব পৰা নাই।

আগন্তুক ৰাস মহোৎসৱত বিপুল জনসমাগমক লক্ষ্য কৰি বিভিন্ন পাৰঘাটেদি আৰক্ষী, আবকাৰীৰ চকুত ধূলি দি মাজুলীলৈ সৰবৰাহ কৰিছে বৃহৎ পৰিমাণৰ সুৰা।

উত্তৰ লক্ষীমপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়াৰ বেপাৰীৰ জৰিয়তে অৰুণাচলী সুৰা, দক্ষিণপাৰৰ যোৰহাটৰ বেপাৰীৰ সহযোগত নিমাতী ঘাটেৰে আৰু শিৱসাগৰৰ পৰাও টেকেলিফুটা ঘাটেৰে এনেদৰে সৰবৰাহ কৰি অহা সুৰাই মাজুলীত চলাই আহিছে বৃহৎ ক’লা বজাৰ।

বিচ্ছিন্ন যাতায়াত-যোগাযোগ, দুৰ্বল ৰাস্তা-ঘাটৰ সুৰুঙা লৈ দুষ্টচক্ৰই দীৰ্ঘ দিনে চলাই অহা সুৰাৰ বেহা বন্ধ কৰিবলৈ একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছে আবকাৰী তথা পুলিচ প্ৰশাসন। সত্ৰদ্বীপটোত অনুজ্ঞাপ্ৰাপ্ত সুৰাৰ বিপণি নাই যদিও গুমটি, পাণ দোকান, চাহ-তামোলৰ দোকান, শাক পাচলিৰ বজাৰ আদিতো সুলভ হৈ পৰিছে এই বিলাতী সুৰা।

শেহতীয়াকৈ মবাইল ফোনৰ জৰিয়তেও চতুৰ সুৰা ব্যৱসায়ীসকলে হোম ডেলিভাৰিৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd