মাৰ্ঘেৰিটা মহকুমাৰ জাগুন অঞ্চলত মাৰ্ঘেৰিটা আবকাৰী বিভাগে আজি চলাই অবৈধ চুলাই মদৰ বিৰোদ্ধে অভিযান |
সমগ্র ৰাজ্যতে ড্রাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে ডিগবৈ আৰু মাৰ্ঘেৰিটা আবকাৰী বিভাগে চুলাই মদ আৰু চুলাই মদ তৈয়াৰত ব্যৱহাৰ কৰা লালীগুড়ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ।
কালি আৰু আজি মাৰ্ঘেৰিটা আবকাৰী অধীক্ষক আখতাৰ হুছেইন বৰভূঞাঁৰ নেতৃত্বত জাগুন, ছয় মাইল, আঠ মাইল, ন মাইল, আহোম পথাৰ , ৰামপুৰ আদি বিভিন্ন অঞ্চলত আবকাৰী বিভাগে অভিযান চলায়।
এই অভিযান কালত তিনিটা গোচৰ ৰুজু কৰি দুজনক ২৫০০ টকা জৰিমনা আদায় কৰা হয় ।