NORTHEAST NOW (Assamese)

জাগুনত আবকাৰী অভিযানঃ ৫ জনক ৰঙাঘৰলৈ

July 16, 2021 9:33 pm · মানস প্ৰতিম গগৈ
প্ৰতিনিধিত্বমূলক ছবি

মাৰ্ঘেৰিটা মহকুমাৰ জাগুন অঞ্চলত মাৰ্ঘেৰিটা আবকাৰী বিভাগে আজি চলাই অবৈধ চুলাই মদৰ বিৰোদ্ধে অভিযান |

সমগ্র ৰাজ্যতে ড্রাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে ডিগবৈ আৰু মাৰ্ঘেৰিটা আবকাৰী বিভাগে চুলাই মদ আৰু চুলাই মদ  তৈয়াৰত ব্যৱহাৰ কৰা লালীগুড়ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ।

কালি আৰু আজি মাৰ্ঘেৰিটা আবকাৰী অধীক্ষক আখতাৰ হুছেইন বৰভূঞাঁৰ নেতৃত্বত জাগুন, ছয় মাইল, আঠ মাইল, ন মাইল, আহোম পথাৰ , ৰামপুৰ আদি বিভিন্ন অঞ্চলত আবকাৰী বিভাগে অভিযান চলায়।

এই অভিযান কালত  তিনিটা গোচৰ ৰুজু কৰি দুজনক ২৫০০ টকা জৰিমনা আদায় কৰা হয় ।

Related News