NORTHEAST NOW (Assamese)

মেঘ-কুঁৱলীয়েই সূৰ্যগ্ৰহণ চোৱাত বাধা; টুইটাৰত আক্ষেপ প্ৰধান মন্ত্ৰী মোদীৰ

December 26, 2019 4:08 pm · এন ই নাও নিউজ

আজি প্ৰায় তিনিঘন্টা ধৰি মেঘ আৰু কুঁৱলীৰ মাজত সূৰ্যৰ লুকাভাকু নিৰীক্ষণ কৰি সমগ্ৰ বিশ্বৰ লোকে সূৰ্যগ্ৰহণৰ মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰয়। কিন্তু সূৰ্যগ্ৰহণৰ এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ পৰা ভাৰতবাসী প্ৰায় বঞ্চিত হয়।

দক্ষিণ ভাৰতৰ কেইটামান স্থানত বাদে বাকী অংশত চন্দ্ৰ আৰু সূৰ্যৰ  লুকাভাকু দেখাৰ পৰা বঞ্চিত হয় জনসাধাৰণ। এনে বঞ্চনাৰ সাক্ষী হৈ ৰয় স্বয়ং প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধান মন্ত্ৰী মোদীয়ে বিশেষ চশমা পৰিধান কৰি আকাশলৈ চায় যদিও প্ৰত্যক্ষভাৱে সূৰ্যগ্ৰহণ দেখা নাপালে। ইয়াকে লৈ প্ৰধান মন্ত্ৰীয়ে টুইটাৰত আক্ষেপ প্ৰকাশ কৰিলে।

অসমত সূৰ্যগ্ৰহণৰ দৃশ্য কোনো প্ৰান্ততে দেখা পোৱা নগ’ল। কিন্তু সূৰ্যগ্ৰহণৰ এই বিৰল মহাজাগতিক ঘটনা প্ৰত্যক্ষ কৰাৰ আশাৰে দিল্লীত বহি আকাশলৈ চাই ৰৈছিল প্ৰধান মন্ত্ৰী মোদী।

কিন্তু প্ৰধান মন্ত্ৰীৰ আশাত চেঁচাপানী ঢালিলে মেঘ আৰু কুঁৱলীয়ে। সেইদৰে তেওঁ নিজ চকুৰে চন্দ্ৰ আৰু সূৰ্যৰ লুকাভাকু দেখাৰ পৰা বঞ্চিত হ’ল।

অৱশ্যে, লাইভ ষ্ট্ৰিমিঙত সূৰ্যগ্ৰহণ চালে প্ৰধান মন্ত্ৰীয়ে। কেৰালাৰ কোঝিকোডৰ পৰা তেওঁ কেমেৰাত চকু ৰাখিয়েই মনৰ হেঁপাহ পূৰালে।

ইয়াৰ পাছতে প্ৰধান মন্ত্ৰী মোদীয়ে আক্ষেপেৰে টুইট কৰিলে: ‘’সমগ্ৰ ভাৰতবাসীৰ দৰে মইও সূৰ্যগ্ৰহণ চাবলৈ প্ৰবল উৎসাহী আছিলো। দুৰ্ভাগ্যজনকভাৱে মেঘে ঢাকি ৰখা বাবে মই প্ৰত্যক্ষভাৱে সূৰ্যগ্ৰহণ দেখা নাপালো। অৱশ্যে, কোঝিকোডৰ পৰা লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে ইয়াৰ কিছু অংশ মই চালো। বিশেষজ্ঞসকলৰ সৈতে এই সম্পৰ্কে আলোচনা কৰি আমাৰ জ্ঞানো কিছু বাঢ়িল।‘’

বৃহস্পতিবাৰে প্ৰায় তিনিঘন্টা ধৰি দক্ষিণ ভাৰতৰ কোনো কোনো অংশৰ পৰা সূৰ্যগ্ৰহণৰ বিৰল ৰিং অফ ফায়াৰো দেখা যায়।

Related News