NORTHEAST NOW (Assamese)

৯ ছেপ্টেম্বৰত অসম টেবুল টেনিছ সন্থাৰ কাৰ্যনিৰ্বাহক সভা

September 6, 2023 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী

অহা ৯ ছেপ্টেম্বৰ গুৱাহাটীস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামৰ অসম অলিম্পিক এছ’চিয়েচন কনফাৰেন্স হলত অসম টেবুল টেনিছ সন্থাৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।

পুৱা ১০.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব বুলি অসম টেবুল টেনিছ সন্থাই এক প্ৰেছ বিবৃতি যোগে সদৰী কৰিছে।

বিবৃতিত উল্লেখ কৰা অনুসৰি, এই বৈঠকত অসম টেবুল টেনিছ সন্থাৰ শেহতীয়া কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যবিৱৰণী নিশ্চিত কৰা হ’ব।

কাৰ্যনিৰ্বাহক সভাখনত সন্থাৰ সংবিধানৰ প্ৰস্তাৱিত খচৰাৰ ওপৰত আলোচনা কৰা হ’ব বুলিও জানিবলৈ দিয়া হৈছে।

এই সভাতে মেজৰ ৰেংকিং টুৰ্ণামেণ্ট আৰু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ সন্দৰ্ভত সন্থাৰ সাধাৰণ সম্পাদকে চমু প্ৰতিবেদন দাখিল কৰিব।

লগতে চলিত বৰ্ষৰ আন্তঃজিলা আৰু ৰাজ্যিক চেম্পিয়নশ্বিপৰ তাৰিখ আৰু স্থান এই কাৰ্যনিৰ্বাহক সভাত চূড়ান্ত কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

ইফালে কামৰূপ গ্ৰাম্য আৰু মাজুলী জিলাৰ অন্তৰ্ভুক্তি সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে।

এই বিষয়সমূহৰ সন্দৰ্ভত আলোচনাৰ বাবে সকলো সদস্যকে সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে অসম টেবুল টেনিছ সন্থাই।

Related News