• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

India যদি ভাৰত হয় তেন্তে .IN ডমেইনৰ কি হ’ব? নাম সলনিৰ জল্পনা-কল্পনাৰ মাজতে নতুন চৰ্চা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2023 2:40 pm
প্রতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

প্রতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সঁচাকৈয়ে  India এইবাৰ ভাৰত হ’ব নেকি? ৯ ছেপ্টেম্বৰৰ জি-২০ৰ বৈঠকৰ নৈশ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণৰ ফটো ফাদিল হোৱাৰ লগে লগে এই জল্পনা-কল্পনাত নতুন ইন্ধন যোগাইছে। সাধাৰণতে দেশৰ ৰাষ্ট্ৰপতিয়ে লিখা যিকোনো আমন্ত্ৰণ পত্ৰত  ‘প্ৰেছিডেন্ট অফ ইণ্ডিয়া’ লিখা হয়, কিন্তু তাৰ পৰিৱৰ্তে এইবাৰ লিখা হৈছে ‘প্ৰেছিডেন্ট অফ ভাৰত’। তদুপৰি, লোকসভাৰ বিশেষ অধিৱেশনো আহি আছে। বহুতে এই সকলোবোৰ কথা মিলাই চাবলৈ চেষ্টা কৰিছে।

লোকসভাৰ বিশেষ অধিৱেশনত ‘ইণ্ডিয়া’ক আনুষ্ঠানিকভাৱে ‘ভাৰত’লৈ সলনি কৰা হ’ব বুলি বহুতে দাবী কৰিছে৷ এতিয়া যদি সেইটো সঁচা হয়, তেন্তে ই দেশৰ কেইবাটাও বিখ্যাত ৱেবছাইটক বাস্তৱতে পৰিচয়ৰ সংকটত পেলাব। যদি ইণ্ডিয়া সঁচাকৈয়ে ভাৰত হয়, তেন্তে ডমেইনত ডট ইন (.IN) ব্যৱহাৰ কৰা ৱেবছাইটৰ বাবে ই এক সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিব।

লগতে পঢ়ক: ভাৱ হ’ব চন্দ্ৰত যেন আপুনি থিয় হৈ আছে! ইছৰোই প্ৰকাশ কৰিলে 3D ছবি; চালে জুৰ পৰি যাব চকু

Apply Now

ইণ্ডিয়া আৰু ভাৰত, আমি আমাৰ দেশখনক এই দুয়োটা নামেৰে জানো,মাতো আৰু লিখোঁ। অৰ্থাৎ দেশৰ এই দুয়োটা নামেই আছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল ইণ্ডিয়া আৰু ভাৰত নাম দুটা দেশৰ সংবিধানতো ব্যৱহাৰ কৰা হৈছে। পাৰ্থক্য হৈছে ভাষাত, হিন্দী বা আঞ্চলিক ভাষাত আমি দেশখনক ভাৰত আৰু ইংৰাজীত ইণ্ডিয়া বুলি কওঁ। এতিয়া যদি জল্পনা-কল্পনা সঁচা হয় তেন্তে ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে দেশৰ নাম ভাৰত হ’বলৈ গৈ আছে।

ভাৰতত ডট ইন ডমেইন ব্যৱহাৰ কৰা কেইবাটাও ৱেবছাইট আছে। .IN ৰ অৰ্থ ইয়াত ccTLD বা কান্ট্ৰি ক’ড টপ লেয়াৰ ডমেইন। এই ৱেবছাইটসমূহে .IN ব্যৱহাৰ কৰি বিশ্ববাসীক জনায় যে ডমেইন নামটো NIXI সৃষ্টি কৰা সংস্থা INRegistry ত পঞ্জীয়ন কৰা হৈছে। তদুপৰি, ডট ইন ব্যৱহাৰ কৰি কিছুমান চাব ডমেইন চলোৱা হয়, যিবোৰ কিছুমান ব্যৱহাৰৰ বাবে আছুতীয়াকৈ ৰখা হৈছে। উদাহৰণস্বৰূপে, gov.in ভাৰত চৰকাৰৰ বাবে সংৰক্ষিত, আনহাতে, mil.in ভাৰতীয় সৈনিকৰ বাবে আছুতীয়া।

লগতে পঢ়ক: পুৰুষৰ কাণ্ড! চৰিত্ৰত সন্দেহ কৰি এজন লোকে কুঁৱাত ওলোমাই ৰাখিলে পত্নীক

এতিয়া যদি সঁচাকৈয়ে TLD বা Top Layer Domains ৰ কথা ধৰা হয়, তেন্তে নামটোৰ বিশেষ গুৰুত্ব নাই। সেইবাবেই এতিয়া সকলো ধৰণৰ TLD সকলো কামৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু, সমস্যাটো আন ঠাইত নিহিত হৈ আছে। সকলো ccTLD প্ৰথমতে দুটা বৰ্ণমালাৰে গঠিত আছিল আৰু সকলো দেশৰ বাবে নিৰ্দিষ্ট কৰি কিবা এটা হৈছিল।

দৰাচলতে দুটা অনন্য বৰ্ণমালাৰ যোগেদি এটা ডমেইনত দেশৰ পৰিচয় প্ৰকাশ পায়। অৰ্থাৎ, যেতিয়া আপুনি .IN চাইট এটা চায়, তেতিয়া আপুনি সহজেই ধৰি ল’ব পাৰে যে ই ভাৰতীয় ৱেবছাইট। একেদৰে .CN মানে চাইটটো চীনৰ, .US মানে আমেৰিকাৰ আৰু .UK মানে ব্ৰিটিছ ৱেবছাইট।

লগতে পঢ়ক: দেশজুৰি চৰম উন্মাদনা, কিন্তু ৰাজধানীৰ এই হলবোৰত দেখা নাযাব শ্বাহৰুখৰ জোৱান! কাৰণ?

কাইলৈ ​​যদি ইণ্ডিয়াক ভাৰত বুলি কোৱা হয়, তেন্তে .IN চাইটবোৰৰ কি হ’ব? দেশত নতুন TLD সৃষ্টি হ’বনে? ভাৰতীয় চাইটবোৰ .IN ৰ সলনি .BH বা .BR বা .BT ৰে শেষ হব পাৰেনে? কিন্তু তাতো আছে বাধা! কাৰণ, এই সকলোবোৰ TLD ইতিমধ্যে অধিক দেশৰ বাবে ব্যৱহাৰ কৰা হৈছে। .BH বাহৰেইনৰ, .BR ব্ৰাজিলৰ আৰু .BT ভূটানে ব্যৱহাৰ কৰে। যদি এই TLD সমূহ অন্য দেশে লৈ লয়, তেন্তে ভাৰতৰ হাতত .BHARAT বা .BHRT ৰে TLD সৃষ্টি কৰাৰ বাহিৰে আন কোনো বিকল্প নাথাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd