• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত ৰপ্তানিযোগ্য সামগ্ৰী আৰু সেৱাসমূহৰ প্ৰদৰ্শনী অনুষ্ঠিত

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
September 26, 2021 2:22 pm
WhatsApp Image 2021-09-26 at 1.30.16 PM

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত শনিবাৰে জিলা পুথিভঁৰালৰ বাকৰিত জিলাখনৰ ৰপ্তানিযোগ্য সামগ্ৰী আৰু সেৱাসমূহৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

এই প্ৰদৰ্শনীত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা বহু কেইগৰাকী উদ্যোগী তথা উদ্যমী, শিল্পী, শিপিনী আৰু থলুৱা ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে ।

Apply Now

বিপনীসমূহত বিভিন্ন থলুৱা খাদ্য সামগ্ৰী, বিভিন্ন ধৰণৰ চাহ, আচাৰ, বিভিন্ন ধৰণৰ হাতেৰে বোৱা কাপোৰ, মুগা আৰু এৰি কাপোৰ, হাতেৰে প্ৰস্তুত কৰা কাঠৰ আৰু বাঁহ-বেতৰ সামগ্ৰী, চেন্দেল আদি প্ৰদৰ্শন কৰা হয়।

জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি স্থানীয় উদ্যোগী তথা উদ্যমী, ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগসমূহৰো বুজ লয়৷

ইয়াৰ পূৰ্বে জিলা পুথিভঁৰালৰ সভাগৃহত ৰপ্তানি সন্মিলন শীৰ্ষক এখন সভাও অনুষ্ঠিত কৰা হয় ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপায়ুক্তগৰাকীয়ে কয় যে অসমখন পাহাৰ,পৰ্বত,ভৈয়াম, গছ-বন, নদ- নদী, চাহ, মাছ, ধান আদি সকলো দিশতে ভৰপূৰ৷ ভগৱানে আমাৰ ৰাজ্যখনক সম্পূৰ্ণ কৰি দিছে ৷ মন আৰু ইচ্ছা থাকিলে যিকোনো ক্ষেত্ৰতে উৎপাদনৰ থল বিচাৰি পোৱা যায়৷

যোৰহাট জিলাতো ৰপ্তানিৰ যথেষ্ট সম্ভাৱনা আছে, কেৱল এটা উৎপাদনমুখি মনৰে সম্ভাৱনাসমূহক উপলব্ধি কৰিব পাৰিব লাগিব আৰু উৎপাদনৰ উৎসটো বিচাৰি উলিয়াব লাগিব৷ চৰকাৰে উদ্যোগৰ ক্ষেত্ৰখনত যথেষ্ট সুবিধা প্ৰদান কৰিছে আৰু জিলা প্ৰশাসনেও উদ্যোগী তথা উদ্যমীসকলক সদায় সহায় কৰিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে৷

জিলা উপায়ুক্তই মহিলা আৰু যুৱ উদ্যমীসকলক তেওঁলোকৰ ব্যৱসায়সমূহ ৰপ্তানিযোগ্য কৰিব পৰাকৈ মানদণ্ড উন্নত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে৷

সভাত অতিৰিক্ত উপায়ুক্ত( উন্নয়ন) কবিতা কাকতী কোঁৱৰে উদেশ্য বাখ্যা আগবঢোৱাৰ লগতে দিনটোৰ কাৰ্যসূচীত সহযোগ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷

ভাৰপ্ৰাপ্ত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰৱন্ধক তন্দ্ৰালিমা বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা সন্মিলনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰনব কুমাৰ বৰা, তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী হাইলিং, নাবাৰ্ডৰ জিলা উন্নয়ন মহাপ্ৰবন্ধক ভাই ফীয়ে, টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয় কৃষ্ণ পাচনী , কৃষি,ৰেচম, যোগান আদি বিভাগৰ বিষয়াসকলৰ লগতে আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

নিৰ্মলেন্দু পাঠক ,টীয়ক

নিৰ্মলেন্দু পাঠক ,টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd