আহি গ’ল নিৰ্বাচনী সমীক্ষা : কোন জিকিব? কোনে লাভ কৰিব কিমান আসন?

নিৰ্বাচনী আচৰণ বিধি অনুসৰি আজি সন্ধিয়া ৬.৩০ বজাৰ লগে লগে দেশৰ সংবাদ মাধ্যম, বিভিন্ন ৰাজনৈতিক বিশ্লেষক, ৰাজনৈতিক সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনোত্তৰ সমীক্ষা।

নিৰ্বাচনৰ ভোট গ্ৰহণৰ আটাইকেইটা পৰ্যায় সম্পূৰ্ণ নোহোৱালৈকে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনোত্তৰ সমীক্ষা প্ৰকাশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

আজি সমাপ্ত হ’ল ভাৰতৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম ভোট গ্ৰহণ। সেই অনুসৰি আজি সংবাদ মাধ্যম, বিভিন্ন ৰাজনৈতিক বিশ্লেষক, ৰাজনৈতিক সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনোত্তৰ সমীক্ষা।
মেট্ৰিজৰ সমীক্ষা মতে, এইবাৰ লোকসভা নিৰ্বাচনত ভাৰতৰ মুঠ ৫৪৩ টা সমষ্টিৰ ভিতৰত ৩৫৩ৰ পৰা ৩৬৮ তা সমষ্টি বিজেপি মিত্ৰজোঁটে দখল কৰিব। লগতে বিৰোধী ঐক্য ইণ্ডিয়াই লাভ কৰিব ১১৮ ৰ পৰা ১৩৩ খন আসন। অন্যান্য দলে লাভ কৰিব ৪৩ৰ পৰা ৪৮ খন আসন।

PMARQ ৰ সমীক্ষা মতে, বিজেপি মিত্ৰজোঁটে ৩৫৯ খন আসন লাভ কৰিব। আনহাতে বিৰোধী ঐক্য ইণ্ডিয়াই লাভ কৰিব ১৫৪ খন আসন। বিপৰীতে, অন্যান্য দলে ৩০ খন আসন লাভ কৰিব এইবাৰৰ লোকসভা নিৰ্বাচনত।

জন কী বাতৰ সমীক্ষা মতে  বিৰোধী ঐক্য ইণ্ডিয়াই ১৫১ টা সমষ্টিত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁট ৩৭৭ টা সমষ্টিত জয় লাভ কৰিব। লগতে অন্যান্য দলে লাভ কৰিব ১৫ টা সমষ্টি।

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মতে বিৰোধী ঐক্যই ২৯৫ খনতকৈ অধিক আসন লাভ কৰিব আৰু বিজেপিয়ে অকলে প্ৰায় ২২০খন আসন আৰু বিজেপি মিত্ৰজোঁটে মিলি ২৩৫খন আসন লাভ কৰিব। কেজৰিৱালৰ মতে চৰকাৰ গঠন কৰিব বিৰোধী ঐক্য ইণ্ডিয়াই।

এই সম্পৰ্কত কংগ্ৰেছৰ মূৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ মতে বিৰোধী ঐক্য ইণ্ডিয়াই কমেও ২৯৫ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব।

ইফালে কেইবাটাও আঞ্চলিক সংস্থা আৰু সংবাদ মাধ্যমৰ মতে অসমৰ ১৪ খন আসনৰ ভিতৰত ৩ খনত বিৰোধী জয়ী হোৱাৰ বিপৰীতে ১১ খনত বিজেপি মিত্ৰজোঁটে জয় লাভ কৰিব।

উল্লেখ্য যে বিভিন্ন সংবাদ সংস্থাই দাবী কৰা এই সমীক্ষা সমীক্ষা কিমান শুদ্ধ হ’ব সেয়া অহা ৪ জুন তাৰিখে নিৰ্বাচনী ফলাফলত পৰিস্কাৰ হৈ পৰিব।