• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতে স্বীকাৰ কৰিলে হাছিনাৰ প্ৰত্যাৰ্পণৰ বাবে ঢাকাৰ পত্ৰ! কি ক’লে মোদী চৰকাৰে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 27, 2025 11:15 am
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত অস্থায়ীভাৱে আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ বাবে ঢাকাৰ পৰা লাভ কৰা আনুষ্ঠানিক অনুৰোধ পত্ৰ দিল্লীয়ে স্বীকাৰ কৰিছে। মোদী চৰকাৰে বুধবাৰে এই কথা নিশ্চিত কৰি কয় যে এই অনুৰোধ বৰ্তমান ‘ন্যায়িক আৰু আভ্যন্তৰীণ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে পৰীক্ষা’ কৰি থকা হৈছে।

যোৱা সপ্তাহত মহম্মদ ইউনুছৰ নেতৃত্বত থকা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতলৈ পুনৰ কূটনৈতিক বাৰ্তা প্ৰেৰণ কৰাৰ পিছতে এই সন্দৰ্ভত ভাৰতে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মন্তব্য কৰিছে।

Apply Now

বুধবাৰে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সাপ্তাহিক সংবাদমেলত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালক হাছিনাৰ প্ৰত্যাৰ্পণৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত, তেওঁ অনুৰোধ লাভ কৰাৰ কথা স্বীকাৰ কৰি কয়: “হয়, আমি অনুৰোধ লাভ কৰিছো। আমি ন্যায়িক আৰু আভ্যন্তৰীণ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে ইয়াক পৰীক্ষা কৰি আছো।”

ৰণধীৰ জয়ছৱালে লগতে কয় যে ভাৰতে বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে গঠনমূলক সংযোগ স্থাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে বিগত বৰ্ষৰ জুলাই-আগষ্ট মাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছতে হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ ভাৰতত আশ্ৰয় লৈ আছে।

প্ৰথমবাৰৰ কূটনৈতিক বাৰ্তা প্ৰেৰণৰ সময়ত বাংলাদেশ ন্যায়াধিকৰণে হাছিনাৰ ওপৰত কোনো ৰায় ঘোষণা কৰা নাছিল। কিন্তু শেহতীয়াকৈ, ছাত্ৰ আন্দোলনৰ সময়ত সংঘটিত গণহত্যাৰ অভিযোগত বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে হাছিনাক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে, বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে শুকুৰবাৰে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তলৈ বিশেষ কুৰিয়ৰৰ জৰিয়তে এখন চুটি চিঠি প্ৰেৰণ কৰি হাছিনাক প্ৰত্যাৰ্পণৰ বাবে পুনৰ অনুৰোধ জনায়। এই তথ্য দেওবাৰে ৰাজহুৱা কৰা হয়।

বুধবাৰে বিয়লি এই সন্দৰ্ভত ঢাকাৰ পৰা বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হোছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে হাছিনাৰ উভতি অহাৰ বাবে দিয়া কূটনৈতিক বাৰ্তাৰ “কোনো উত্তৰ পোৱা নাই। আমি ইমান সোনকালে উত্তৰ আশা কৰা নাই।”

তেওঁ লগতে সোঁৱৰাই দিয়ে যে ন্যায়াধিকৰণৰ ৰায়দানৰ পিছত বৰ্তমানৰ পৰিস্থিতি সলনি হৈছে। সম্প্ৰতি ভাৰতৰ সিদ্ধান্তৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd