• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ ৰাজ্যিক সভাপতিৰ চৰম দ্বায়িত্বজ্ঞানহীন কাণ্ড : নিশা ক’ৰ’না টেষ্ট কৰাই পাছদিনাই পাতিলে সংবাদমেল

"ৰঞ্জিত দাসে কৰাটো ভুল হৈছে; বিজেপিৰ মানুহে কোভিডৰ লগত ঠিকা লৈ থৈছে নেকি?" ৰঞ্জিত দাসক একপ্ৰকাৰ ধমক হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 1, 2020 6:12 pm
index.jpg9
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দিলে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয়।

যি সময়ত স্বাস্থ্য বিভাগে অসমৰ ৰাইজক ক’ৰ’না যুঁজখনত সহযোগ কৰি নীতি নিৰ্দেশনা মানিবলৈ আহ্বান জনাই আহিছিল তেনে সময়তে বিজেপিৰ দৰে শাসকীয় দল এটাৰ ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হৈ কাণ্ডজ্ঞানহীনতাৰহে পৰিচয় দিলে দাসে।

Apply Now

কিয়নো দাসে নিজেই সংবাদমেলত জনোৱা অনুসৰি তেওঁৰ চাৰিজন এছকোৰ্ট জোৱানৰ পজিটিভ ৰিজাল্ট অহাৰ পাছত তেওঁ কালি নিশাৰ ভাগত স্বাৱ টেষ্ট কৰাইছিল।

“মোৰ চাৰিজন এছকোৰ্টৰ পজিটিভ অহাৰ পাছত কালি নিশা স্বাৱ টেষ্ট কৰাইছিলো। মোৰ পৰা যাতে বেলেগলৈ এই ৰোগ বিস্তাৰ নহয় তাৰ বাবে মই স্বাৱ টেষ্ট কৰিছিলো।” দাসে সংবাদমেলত এইদৰে কয়।

দাসে এইখিনিলৈকে তেওঁৰ দায়িত্ববোধ ঠিকেই পালন কৰিছিল। কিন্তু স্বাৱ পৰীক্ষাৰ বাবে দিয়াৰ ২৪ ঘণ্টা নহওতেই দাসে নিজৰ বিধায়ক আবাসত দুপৰীয়া ১২ বজাত সম্বোধন কৰিলে সংবাদমেল।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিয়া নিয়ম অনুসৰি স্বাৱ টেষ্ট কৰাৰ পৰা ৰিজাল্ট নহা পৰ্যন্ত লোকজনে নিজকে আছুতীয়াকৈ ৰাখিব লাগে।

যদি তেওঁ নিজকে আছুতীয়াকৈ নাৰাখে তেন্তে তেওঁ আইনৰ চকুত অপৰাধী হিচাপে পৰিগণিত হ’ব বুলি শেহতীয়াকৈ আজি সম্বোধন কৰা সংবাদমেলত উল্লেখ কৰে।

“স্বাস্থ্য বিভাগে আগৰে পৰা কৈ আহিছিল স্বাৱ টেষ্টৰ ফলাফল নহা পৰ্যন্ত সকলো লোক কোৱাৰেন্টাইন হৈ থাকিব লাগিব। টেষ্ট দিয়াৰ পাছত ঘূৰি ফুৰাটো মাৰাত্মক অপৰাধ। কিয়নো মানুহে টেষ্ট দিয়াৰ পাছত নিজকে আছুতীয়াকৈ নাৰাখি ঘূৰি ফুৰাৰ ফলত বেছিকৈ গণ সংক্ৰমণ হ’ল।”

মন্ত্ৰীৰ এই আহ্বানৰ পাছত তেনেক্ষেত্ৰত ফলাফল হাতত নপৰাকৈ কেনেকৈ ৰঞ্জিত দাসে প্ৰায় ২০ গৰাকীকৈ সাংবাদিকক মাতি নি সংবাদমেল সম্বোধন কৰাৰ লগতে বিজেপি বাৰ্তা উন্মোচন কৰিব পাৰিলে?

স্বাভাৱিকতে প্ৰশ্ন হয় “মন্ত্ৰীয়ে কোৱাৰ দৰে এতিয়া বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আইনৰ চকুত অপৰাধী হ’ব নেকি?

তেনে এক প্ৰশ্নৰ অৱতাৰণা এজন সাংবাদিকে কৰাৰ পাছতে স্বাস্থ্য মন্ত্ৰীয়ে উত্তৰত সভাপতিগৰাকীক একপ্ৰকাৰে ধমক দিয়াৰ দৰে কয় “মই কোৱা কথাবোৰ ৰঞ্জিত দাসৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব নেকি? বিজেপিৰ মানুহ বুলি কোভিডৰ লগত কনট্ৰেক্ট দি থৈছে নেকি যে মোৰ কোভিড নহ’ব? মোৰ পত্নীয়েও যদি সংবাদমেল সম্বোধন কৰে তেন্তে তেওঁৱো অপৰাধী হ’ব।”

তেওঁ আৰু কয় “আজি পুৱা ৰাজ্যপালে চেম্পল দি নিজকে আছুতীয়াকৈ ৰাখিছে। ৰঞ্জিত দাসে ভুল কৰক, সৰ্বানন্দ সোণোৱালে কৰক, মই কৰিলেও ভুল সদায় ভুলেই।”

হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰিপোৰ্ট তিনি চাৰি দিনলৈ নাহে আৰু ৰিপোৰ্ট নহা পৰ্যন্ত কোনেও সংবাদমেল দিব নোৱাৰে।

এনেদৰেই পুনৰ এবাৰ স্বয়ং বিজেপিৰ সভাপতিয়েই যেন কোভিড-১৯ ৰ বিৰুদ্ধে স্বাস্থ্য মন্ত্ৰীৰ যুঁজৰ নিয়ম উলংঘা কৰি দ্বায়িত্বজ্ঞানহীনৰ পৰিচয় দিলে।

শাসকীয় দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এয়া অপৰাধ কৰিছে বুলি মন্তব্য কৰিয়ে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দায় এৰোৱাব নে সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd