বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দিলে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয়।
যি সময়ত স্বাস্থ্য বিভাগে অসমৰ ৰাইজক ক’ৰ’না যুঁজখনত সহযোগ কৰি নীতি নিৰ্দেশনা মানিবলৈ আহ্বান জনাই আহিছিল তেনে সময়তে বিজেপিৰ দৰে শাসকীয় দল এটাৰ ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হৈ কাণ্ডজ্ঞানহীনতাৰহে পৰিচয় দিলে দাসে।
কিয়নো দাসে নিজেই সংবাদমেলত জনোৱা অনুসৰি তেওঁৰ চাৰিজন এছকোৰ্ট জোৱানৰ পজিটিভ ৰিজাল্ট অহাৰ পাছত তেওঁ কালি নিশাৰ ভাগত স্বাৱ টেষ্ট কৰাইছিল।
“মোৰ চাৰিজন এছকোৰ্টৰ পজিটিভ অহাৰ পাছত কালি নিশা স্বাৱ টেষ্ট কৰাইছিলো। মোৰ পৰা যাতে বেলেগলৈ এই ৰোগ বিস্তাৰ নহয় তাৰ বাবে মই স্বাৱ টেষ্ট কৰিছিলো।” দাসে সংবাদমেলত এইদৰে কয়।
দাসে এইখিনিলৈকে তেওঁৰ দায়িত্ববোধ ঠিকেই পালন কৰিছিল। কিন্তু স্বাৱ পৰীক্ষাৰ বাবে দিয়াৰ ২৪ ঘণ্টা নহওতেই দাসে নিজৰ বিধায়ক আবাসত দুপৰীয়া ১২ বজাত সম্বোধন কৰিলে সংবাদমেল।
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিয়া নিয়ম অনুসৰি স্বাৱ টেষ্ট কৰাৰ পৰা ৰিজাল্ট নহা পৰ্যন্ত লোকজনে নিজকে আছুতীয়াকৈ ৰাখিব লাগে।
যদি তেওঁ নিজকে আছুতীয়াকৈ নাৰাখে তেন্তে তেওঁ আইনৰ চকুত অপৰাধী হিচাপে পৰিগণিত হ’ব বুলি শেহতীয়াকৈ আজি সম্বোধন কৰা সংবাদমেলত উল্লেখ কৰে।
“স্বাস্থ্য বিভাগে আগৰে পৰা কৈ আহিছিল স্বাৱ টেষ্টৰ ফলাফল নহা পৰ্যন্ত সকলো লোক কোৱাৰেন্টাইন হৈ থাকিব লাগিব। টেষ্ট দিয়াৰ পাছত ঘূৰি ফুৰাটো মাৰাত্মক অপৰাধ। কিয়নো মানুহে টেষ্ট দিয়াৰ পাছত নিজকে আছুতীয়াকৈ নাৰাখি ঘূৰি ফুৰাৰ ফলত বেছিকৈ গণ সংক্ৰমণ হ’ল।”
মন্ত্ৰীৰ এই আহ্বানৰ পাছত তেনেক্ষেত্ৰত ফলাফল হাতত নপৰাকৈ কেনেকৈ ৰঞ্জিত দাসে প্ৰায় ২০ গৰাকীকৈ সাংবাদিকক মাতি নি সংবাদমেল সম্বোধন কৰাৰ লগতে বিজেপি বাৰ্তা উন্মোচন কৰিব পাৰিলে?
স্বাভাৱিকতে প্ৰশ্ন হয় “মন্ত্ৰীয়ে কোৱাৰ দৰে এতিয়া বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আইনৰ চকুত অপৰাধী হ’ব নেকি?
তেনে এক প্ৰশ্নৰ অৱতাৰণা এজন সাংবাদিকে কৰাৰ পাছতে স্বাস্থ্য মন্ত্ৰীয়ে উত্তৰত সভাপতিগৰাকীক একপ্ৰকাৰে ধমক দিয়াৰ দৰে কয় “মই কোৱা কথাবোৰ ৰঞ্জিত দাসৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব নেকি? বিজেপিৰ মানুহ বুলি কোভিডৰ লগত কনট্ৰেক্ট দি থৈছে নেকি যে মোৰ কোভিড নহ’ব? মোৰ পত্নীয়েও যদি সংবাদমেল সম্বোধন কৰে তেন্তে তেওঁৱো অপৰাধী হ’ব।”
তেওঁ আৰু কয় “আজি পুৱা ৰাজ্যপালে চেম্পল দি নিজকে আছুতীয়াকৈ ৰাখিছে। ৰঞ্জিত দাসে ভুল কৰক, সৰ্বানন্দ সোণোৱালে কৰক, মই কৰিলেও ভুল সদায় ভুলেই।”
হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰিপোৰ্ট তিনি চাৰি দিনলৈ নাহে আৰু ৰিপোৰ্ট নহা পৰ্যন্ত কোনেও সংবাদমেল দিব নোৱাৰে।
এনেদৰেই পুনৰ এবাৰ স্বয়ং বিজেপিৰ সভাপতিয়েই যেন কোভিড-১৯ ৰ বিৰুদ্ধে স্বাস্থ্য মন্ত্ৰীৰ যুঁজৰ নিয়ম উলংঘা কৰি দ্বায়িত্বজ্ঞানহীনৰ পৰিচয় দিলে।
শাসকীয় দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এয়া অপৰাধ কৰিছে বুলি মন্তব্য কৰিয়ে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দায় এৰোৱাব নে সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।