• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ: ভাল খবৰ

গীতাশ্ৰী তামুলী by গীতাশ্ৰী তামুলী
December 30, 2022 5:49 pm
Facebook
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
মনোজ গোস্বামী সম্পাদিত পুৱাৰ কাকতখনে এক জানুৱাৰীৰ পুৱা লৈ অনা ভাল খবৰটোত বহু সময় তভক মাৰি ৰৈছিলোঁ।কত বছৰ পাৰ হৈ গ’ল! কাকত খনৰ নাম পৰ্যন্ত পাহৰি পেলাইছোঁ।অসমীয়া জনসাধাৰণ নে দৈনিক বাতৰি?গাঁৱৰ ঘৰৰ আগচোতালৰ ঘাঁহনিত বহি ৰ’দৰ চোকখিনিক শৰীৰ পৰশিবলৈ দি পঢ়ি আছিলোঁ সৌৰভ কুমাৰ চলিহাৰ সেই আইৰণিৰে ভৰা ভাল খবৰ। অনিয়ম, দুৰ্নীতিৰ বোকাত লেট লোৱা এখন সমাজত কি ভাল খবৰ থাকিব পাৰে?
আছিল নেকি? দেউতাকে চাকৰিত কৰা দুৰ্নীতিৰ খবৰ প্ৰকাশ হোৱাৰ পাচত ক্ষোভ-বেদনাত ফাটি পৰা এক তৰুণে আত্মহনন কৰিছিল। অভিমানত, খঙত, নে প্ৰতিবাদত? বাতৰি কাকতৰ পাতত হেৰাই যোৱা এই খবৰটোকে পুৰণি কাকত খান্দি উলিয়াই অসমীয়া সাহিত্যৰ এক অনন্য কথাকাৰে আমাৰ বাবে যুগুতাইছিল এক ভাল খবৰ। মৰ্মান্তিক। চুৰিৰ ধাৰেৰে ৰেপি ৰেপি বিবেকক কাটিব পৰা এটা ভাল খবৰ!
মাজে মাজে আজিও তভক মাৰোঁ। কাৰণ ‘ভাল খবৰ’ সৃষ্টি কৰা সেই ঘটনাটো আমাৰ অঞ্চলৰ আছিল। যিটো খবৰ আমি বাতৰি কাকতত পঢ়া নাছিলোঁ, বতাহত উৰিছিল তাৰ বিষৰেণু, ভাঁহি আহিছিল বুকু চপৰিওৱা নৈঃশব্দ।
(কেতিয়াবা ভাবোঁ- হেৰাই যোৱাৰ কি দৰকাৰ আছিল? কিবা হ’ল জানো? চাৰিওফালে দুৰ্গন্ধ, গেলা-পচা, ভেনামাখিৰ জাক।এনে এটা নিৰ্মম ভাল খবৰ তৈয়াৰ কৰিবৰ বাবে আত্মহনন কৰাৰ কি অৰ্থ? সৌৰভ কুমাৰ চলিহালৈও খং উঠে! কিয় পাহৰিবলৈ নিদিলা সেই এক নামহীন যুৱকৰ নীৰৱ প্ৰস্থানক? )
ব্যক্তিগত:  কালি তেনেই পুৱাতেই মোৰ হাতৰ পৰা পাৰ্চটো পৰি গ’ল। তাত আছিল মোৰ হাতত থকা অৱশিষ্ট নগদ টকাখিনি, ভোটাৰ পৰিচয়-পত্ৰ, আধাৰ কাৰ্ড আৰু বেংকৰ এ টি এম কাৰ্ড। পৰিল বুলি মই নাজানিলো। ঘৰতে ক’ৰবাত থোৱা বুলি বিচাৰিলোঁ।নাই। ৰাতি চাৰে ন মান বজাত দুৱাৰৰ বে’ল বাজিল।ওলাই গৈ দেখিলোঁ-দুজন ল’ৰা। সাধাৰণ কাপোৰ-কানি। এজন কিশোৰ, আনজন এজন যুৱক।’ এইটো চল্লিছ নম্বৰৰ ঘৰ হয়নে? আপোনাৰ কাৰ্ড হেৰাইছে নেকি?’
আধাৰ কাৰ্ডৰ ঠিকনা চাই তেওঁলোকে মোক পাৰ্চটো দিবলৈ আহিছে। নৱগ্ৰহ শ্মশানৰ ওচৰৰ শনি মন্দিৰৰ সমুখত পালে হেনো! আচৰিত হ’লো। মই সেই বাটেৰে যোৱাই নাছিলোঁ।এটা পৰিভ্ৰমণো সমাপ্ত হ’ল মানে? ‘সকলো বস্তু ঠিকে আছেনে, চাওক।’ চালোঁ। নগদ এশ ত্ৰিছ টকা আৰু এখন পাচপোৰ্ট আকাৰৰ ফটোও আছিল।
এটা ভাল খবৰৰ বাবে এক জানুৱাৰীলৈ ৰ’ব লগা নহ’ল। ঊনত্ৰিছ ডিচেম্বৰৰ ৰাতিয়েই দুজন তৰুণ দেৱদূতে মোলৈ এটা ভাল খবৰ লৈ আনিলে। তেওঁলোকৰ চকু-মুখত জলমল কৰি আছিল পোহৰৰ কণাবোৰ। তাৰ একোটি লেশ আপোনালোকেও হয়তো অনুভৱ কৰিব পাৰিব!

Apply Now
গীতাশ্ৰী তামুলী

গীতাশ্ৰী তামুলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd