ক’ৰ’ণা ভাইৰাছ সাধাৰণ ফ্লুৰ দৰেহে! ছ’চিয়েল মিডিয়াত পুনৰ ট্ৰাম্পৰ বিতৰ্কিত পোষ্ট

ফেচবুকে কৰিলে ডিলিট, হোৱাটছ এপৰো একেই পদক্ষেপ

a trump2

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ খনৰ ৰাষ্ট্ৰপতি গৰাকীৰ কেতবোৰ কাণ্ডজ্ঞানহীন কাৰ্যই এতিয়া ভবাই তুলিছে সচেতন মহলক।

মাৰাত্মক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চিকিৎসালয়ত ভৰ্তি হৈছিল যদিও মাত্ৰ তিনি দিন থাকিয়েই চিকিৎসালয়ৰ পৰা ওলাই আহিল ট্ৰাম্প।

চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পিছত ঘৰতে কোৱাৰেণ্টাইনত থকাটো নিয়ম যদিও ট্ৰাম্পে সেই নিয়ম নামানি এতিয়া যেনিয়ে-তেনিয়ে ঘূৰি ফুৰিছে।

ট্ৰাম্পৰ দেহৰ পৰা ক’ৰ’ণা আঁতৰি গৈছে নে নাই সেয়া সোধাৰো সাহস নাই কাৰো।

লক্ষ্যণীয় কথাটো হ’ল ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি জনাৰ পিছতো ট্ৰাম্পে  খুব কমেইহে মাস্ক পিন্ধিছে।

তিনিদিনতে চিকিৎসালয়ৰ পৰা অহা ট্ৰাম্পে আনকি মাৰ্কিন বিষয়াবৰ্গৰ সৈতে কথা পতাৰ সময়তো মাস্ক পিন্ধা নাই।

সেয়ে ট্ৰাম্পৰ এনে আচৰণত শংকিত হৈ পৰিছে তেওঁৰ সংস্পৰ্শলৈ অহা বিষয়াসকল।

ইপিনে চিকিৎসালয়ৰ পৰা ওলাই আহিয়েই ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এইবুলি পোষ্ট দিছে যে ক’ৰ’ণা ভাইৰাছকলৈ ভয় খাবলগীয়া একো নাই।

ই সাধাৰণ ফ্লুৰ দৰে ৰোগহে। ট্ৰাম্পৰ এনে পোষ্ট ফেচবুকত শ্বেয়াৰ হৈছে ২৬ হাজাৰ বাৰ।

ইয়াৰ পিছতে মাৰাত্মক ৰোগ বিধক সাধাৰণ ফ্লুৰ সৈতে তুলনা কৰা ট্ৰাম্পৰ পোষ্টটো চকুত পৰে ফেচবুক কৰ্তৃপক্ষৰ।

ফেচবুকে লগে লগে সেই পোষ্ট ডিলিট কৰি দিছে।

ক’ৰ’ণা ভাইৰাছকলৈ ট্ৰাম্পে টুইটাৰত কৰা পোষ্টো টুইটাৰ কৰ্তৃপক্ষই ডিলিট কৰিছে।

উল্লেখ্য আগষ্ট মাহতো ট্ৰাম্পে ক’ৰ’ণা ভাইৰাছে শিশুক আক্ৰান্ত নকৰে বুলি কৰা পোষ্ট ফেচবুকে ডিলিট কৰিছিল।