NORTHEAST NOW (Assamese)

সেও মানিবলৈ বাধ্য হৈছে জোকাৰবাৰ্গ! : ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ বন্ধ কৰিব ফেইচবুকে!

July 12, 2020 5:00 pm · এন ই নাও নিউজ
Updated: July 12, 2020 5:04 pm

চ’ছিয়েল নেটৱৰ্কিং চাইট ফেইচবুকে ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ কৰাৰ সম্পৰ্কত বেছ কিছুদিন ধৰি বিতৰ্ক অব্যাহত আছে।

এই বিতৰ্ক অন্ত কৰাৰ দিশে আগবাঢ়িছে বিশ্বৰ আটাইতকৈ বেছি জনপ্ৰিয় আৰু সৰ্বাধিক ব্যৱহৃত সামাজিক মাধ্যম ফেইচবুকে।

বিতৰ্কৰ চাপত পৰি মাৰ্ক জোকাৰবাৰ্গৰ সংস্থাটোৱে জনাইছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ফেইচবুকে ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ বন্ধ কৰিব পাৰে।

অৱশ্যে এই সন্দৰ্ভত এতিয়াও সংস্থাটোৱে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। এই সন্দৰ্ভত আলোচনা চলি আছে বুলি জনাইছে সংস্থাটোৰ দুগৰাকী শীৰ্ষ বিষয়াই।

উল্লেখ্য যে, ৰাজনীতিৰ মিথ্যা ভাষণ প্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে ফেইচবুকৰ বিৰুদ্ধে।

আনহাতে টুইটাৰ গুগল আদি সংস্থা কিছুমানে তেওঁলোকৰ চাইটবোৰত ৰাজনীতিকৰ ৰাজনৈতিক প্ৰচাৰ সীমিত কৰি আনিছে।

ইফালে কিছুদিন পূৰ্বে মাৰ্কিন আৰক্ষীয়ে কৃষ্ণাংগ যুৱক জৰ্জ ফ্লয়েডক হত্যা কৰা পিছত আমেৰিকাৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোৱা বৰ্ণবৈষম্য বিৰোধী উত্তাল আন্দোলনৰ সময়তো ফেইচবুকে ঘৃণা প্ৰচাৰত বাধা প্ৰদান কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈছিল।

কোকাকোলা, ষ্টাৰবাক্সৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰে ইয়াৰ প্ৰতিবাদ স্বৰূপে ফেইচবুকত বিজ্ঞাপন দিয়াৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ফলত জোকাৰবাৰ্গে সিদ্ধান্তবোৰ পুনৰ বিবেচনা কৰাৰ কথা ভাবিছে বুলি জনাইছে সংস্থাটোৰ শীৰ্ষ বিষয়াই।

Related News