NORTHEAST NOW (Assamese)

ফেচবুকৰ এই বিশেষ পেজত আৰু নাথাকিব লাইকৰ ব্যৱস্থা, কি এই পেজ?

January 7, 2021 2:31 pm · এন ই নাও নিউজ

ফেচবুকৰ সৈতে লাইক, কমেণ্টছ আদি শব্দবোৰ এৰাব নোৱাৰা শব্দ হৈ পৰিছে।

ফেচবুকৰ পোষ্টত লাইক, কমেণ্ট আদি নাথাকিলে বহুতৰে মনেই ভাল নালাগে।

কেৱল সেয়াই নহয়, লাইক, কমেণ্টৰ ওপৰত ভিত্তি কৰিয়েই ফেচবুকত কোনো সামগ্ৰী এবিধে কিমান লোকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে সেয়াও জানিব পাৰি।

কিন্তু এতিয়াৰে পৰা ফেচবুকৰ পাব্লিক পেজত নাথাকিব কোনো লাইক কৰাৰ সুবিধা।

অৰ্থাৎ ফেচবুক কৰ্তৃপক্ষই পাব্লিক পেজৰ পৰা লাইক বাটনটো একেবাৰে নোহোৱা কৰি পেলোৱাৰ সিদ্ধান্ত লৈছে।

সেই মৰ্মে কোনো চেলিব্ৰেটি, সামগ্ৰী আদিৰ বাবে খোলা পাব্লিক পেজত কোনেও এতিয়াৰে পৰা লাইক কৰাৰ সুবিধা নাপাব।

ইয়াৰ পৰিৱৰ্তে পাব্লিক পেজত ফলোৱাৰৰ সংখ্যা কিমান সেই বিষয়তহে ফেচবুক কৰ্তৃপক্ষই গুৰুত্ব দিব।

এক কথাত লাউক বুটনৰ পৰিৱৰ্তে ফলোৱাৰৰ সংখ্যাইহে পাব্লিক পেজত অধিক গুৰুত্ব পাব।

ফেচবুকে পাব্লিক পেজৰ পৰা লাইক বুটন তুলি দি চেলিব্ৰেটি আৰু ব্ৰেণ্ডৰ পেজ সমূহ নতুন ভাবে সজাই তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ফলোৱাৰৰ সংখ্যা যিমানেই বেছি হ’ব সিমানেই পেজৰ গুৰুত্বও বৃদ্ধি পাব।

Related News