ওৰাঙৰ পৰা ওলাই অহা এফ-০৩ নামেৰে চিহ্নিত বাঘিনীক কৰায়ত্ব কৰাত ব্যৰ্থ বন বিভাগ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহি ৰৌতাৰ ওচৰৰ বৰোবাজাৰ এলেকাৰ কাষৰ হাবিত ২০১৭ চনৰ পৰা আশ্ৰয় লৈ থকা এজনী ১২ বছৰীয়া ৰয়েল বেংগল বাঘিনীক কৰায়ত্ব কৰিবলৈ বাৰে বাৰে ব্যৰ্থ হোৱাৰ বাবে বন বিভাগ আৰু বন্যপ্ৰাণী বিশেষজ্ঞৰ প্ৰতি বিষেদ্গাৰ প্ৰকাশ কৰিছে অঞ্চলটোৰ জনসাধাৰণে।
F-03 নামেৰে কলংকিত কৰি হত্যাৰ তালিকাভুক্ত কৰা কিন্তু সমগ্ৰ দেশৰ বন্যপ্ৰাণী প্ৰেমী সংগঠনৰ চেষ্টাত ৰক্ষা পৰা বাঘিনীজনীক লৈ এই এলেকাৰ ৰাইজ বন বিভাগৰ প্ৰতি খৰ্গহস্ত হোৱা ওপৰিও বাঘিনীজনীৰ বিষ প্ৰয়োগ কৰি হত্যা কৰাৰো সম্ভাৱনাই দেখা দিছে। এই ক্ষেত্ৰত ৰাইজৰ সুৰতেই সূৰ মিলাইছে সদৌ বড়ো ছাত্ৰ সন্থাকে ধৰি ওদালগুৰিৰ কেইটামান ছাত্ৰ সংগঠনেও।
পদচিহ্ন লক্ষ্য কৰি বাঘিনীজনীয়ে বৰ্তমান বৰগোছা চাহ বাগানৰ আশে পাশে ঘূৰি ফুৰিছে বুলি জানিব পৰা গৈছে।
ওদালগুৰিৰ ধনশিৰি মণ্ডলৰ ডিএফঅ’ মাধুৰ্য কুমাৰ শৰ্মাই জনাইছে যে বাঘিনীজনীক চেতনা নাশক প্ৰয়োগ কৰা আৰু সুন্দৰবনৰ লেখিয়াকৈ নাইলনৰ জালেৰে ধৰিবলৈ ১২ বাৰ চেষ্টা কৰা সত্তেও বনকৰ্মীসকলে তাইক কৰায়ত্ব কৰিব পৰা নাই।
সদৌ বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি শাখাৰ এজন সদস্যই কৈছে ‘‘বৰোবাজাৰৰ গাঁৱবাসীয়ে বন বিভাগৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। দুবছৰ পূৰ্বে এজনী পূৰ্ণ বয়স্ক বাঘিনীৰ দৰে এই বাঘিনীজনীকো গাঁৱবাসীয়ে হত্যা কৰিব পাৰে।’’
ওদালগুৰিৰ অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন জয়ন্ত কুমাৰ দাসে কৈছ যে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰ?ক্ষণ প্ৰাধিকৰণে এই ক্ষেত্ৰত আশ্চৰ্যজনকভাৱে নিৰৱতা অৱলম্বন কৰিছে আৰু বন বিভাগে বাঘিনীজনীক আবদ্ধ কৰিব পৰা নাই। তেওঁ আৰু কৈছে যে ওৰাঙৰ পৰা যাতে বাঘ নিয়মীয়াকৈ বাহিৰলৈ ওলাই আহিব নোৱাৰে তাৰ বাবে বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
উল্লেখ্য যে ৮০ বৰ্গ কিঃমিঃ এলেকা বিয়পা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৪টা বাঘ থকা বুলি ২০১৭ৰ বাঘ্ৰ পিয়লৰ তথ্যত ধৰা পৰিছে।