• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজৱ কাণ্ড: সৎকাৰ কৰাৰ তিনিদিন পাছত ‘জী’ উঠিল কৰ’নাত মৃত ব্যক্তি!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 10, 2020 10:22 am

2 min read

WhatsApp Image 2020-07-10 at 10.03.13 AM

প্ৰতিনিধিত্বমূলক ফটো।

53.7k
VIEWS
Share on FacebookShare on Twitter

সৎকাৰ কৰাৰ তিনিদিন পাছত ‘জী’ উঠিল এগৰাকী কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি। স্বাভাৱিকতে এনে ঘটনাত স্তম্ভিত হৈ পৰে পৰিয়ালৰ লোক।

ইয়াৰ বাবে চৰকাৰী কোভিড হাস্পাতলৰ চিকিৎসা ব্যৱস্থা তথা আন্ত:গাঁথনিৰ ওপৰত মানুহৰ সন্দেহ যেন আৰু গভীৰ হৈ পৰিল।

মহাৰাষ্ট্ৰৰ থানেত এনেদৰে মৃত ব্যক্তি জীৱিত হৈ পৰা ঘটনাটো সংঘটিত হৈছে।

কোনো অলৌকিক ঘটনা নহয়, বৰঞ্চ হাস্পাতাল কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

বাতৰি অনুসৰি, থানেৰ এখন চৰকাৰী কোভিড হাস্পাতলত জনাৰ্দন ছোনাৱান নামৰ ৬৭বছৰীয়া ব্যক্তিগৰাকী ভৰ্তি হৈছিল।

যোৱা ৩ জুলাইত হাস্পাতালখনৰ পৰা ব্যক্তিগৰাকীৰ পুত্ৰ সন্দীপক ফোন কৰি তেওঁৰ পিতৃৰ মৃত্যুৰ খৱৰ দিয়ে।

ইয়াৰ পাছত চৰকাৰী নিয়ম অনুসৰি, ব্যক্তিগৰাকীৰ মৃতদেহ সৎকাৰ কৰা হয়।

কিন্তু যোৱা সোমবাৰে পুত্ৰ সন্দীপৰ ওচৰলৈ পুনৰ ফোন আহে যে তেওঁৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ আই চি য়্যুত আছে।

হাস্পাতলখনৰ ভুলৰ বাবে বালচন্দ্ৰ গাইকোৱাড নামৰ এগৰাকী ৭১বছৰীয়া ব্যক্তিৰ মৃতদেহ পৰিয়ালটোৰ হাতত অৰ্পণ কৰা হয়।

ঘটনা সন্দৰ্ভত ব্যক্তিগৰাকীৰ পুত্ৰ সন্দীপে জনায় যে যোৱা ৭জুলাইত পিতৃক আই চি য়্যুত সাক্ষাৎ কৰাৰ পাছত তেওঁৰ হাস্পাতল কৰ্তৃপক্ষক মৃত্যুৰ প্ৰমান পত্ৰখন ঘুৰাই দিয়ে।

তেওঁ লগতে কয় যে এই ঘটনাত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লোক স্তম্ভিত হৈ পৰে। যি কি নহওক পিতৃৰ মৃতদেহ বুলি আন এজন ব্যক্তিৰ শৱ দাহ কৰাৰ পাছত পুনৰ পিতৃক উভতাই পোৱা পৰিয়ালটোৰ মাজত আনন্দ ঘুৰি আহিছে।

পিচে, হাস্পাতল কৰ্তৃপক্ষৰ এনে দায়িত্বজ্ঞানহীন বিভ্ৰাটক লৈ স্বাভাৱিকতে সচেতন লোকৰ মাজত বহু প্ৰশ্নৰ উদ্ৰেক হৈছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd