• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হত্যা নে আত্মহত্যা!

অসম আৰক্ষীৰ উপ পৰিদৰ্শক কিশোৰ দাসক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 20, 2019 7:21 am
Family members doubt about Assam police SI Kishor Das's 'suicide'

কিশোৰ দাস। ছবি- নৰ্থ ইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৩ জানুৱাৰিত “আত্মহত্যা” কৰা নলবাৰীৰ মুকালমুৱা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কিশোৰ দাসক হত্যা কৰা হৈছে, দাবী পৰিয়ালৰ।

পৰিয়ালৰ সন্দেহৰ তালিকাত যোগ হৈ আছে দ্ৰাগছ মাফিয়া আৰু থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত বৰ্মনৰ নামো। পৰিয়ালৰ অভিযোগ, মদ নোখোৱা কিশোৰক ৰাতিলৈকে থানাত মদ খাবলৈ বাধ্য কৰোৱা হৈছিল।

Apply Now

“মোৰ ল’ৰাটোক ডিজিপি কাৰ্য্যালয়ৰ পৰা ড্ৰাগছ মাফিয়া ধৰিবৰ বাবে পঠাইছিল, ৰাতি ১২ বজালৈকে মদ খাবৰ বাবে পঠিওৱা নাছিল। মোৰ ল’ৰাই মোক ফোনত প্ৰায়ে কৈছিল যে ৰাতি ১২ টালৈকে তাক আবদ্ধ কৰি ৰাখে। সি মদ নাখাই যদিও জোৰ জবৰদস্তি ৰাতিলৈকে তাক মদ খুৱায়,” পুত্ৰহাৰা পিতৃ প্ৰফুল্ল কুমাৰ দাসৰ নৰ্থ ইষ্ট নাও-ত মন্তব্য। পৰিয়ালৰ দাবী যোৱা ৫ নৱেম্বৰত থানাখনত যোগদানৰ পিছদিনাই দুজন দ্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল কিশোৰে।

“আত্মহত্যা”ৰ মাত্ৰ ১৩ মিনিট পূৰ্বে কিশোৰে ঘৰলৈ ফোন কৰি স্বাভাৱিকভাৱে কথা পতা বুলি দাবী কৰি পৰিয়ালে দাখিল কৰা এজাহাৰত মুকালমুৱা থানাৰ বিষয়া বৰ্মনৰ বিৰুদ্ধেও অভিযোগ তোলা হৈছে।

এই সন্দৰ্ভত পৰিয়ালৰ অভিযোগ অনুসৰি ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত এক গোচৰ (৩৮/১৯ নং) ৰুজু হৈছে। কিন্তু পৰিয়ালৰ মতে তদন্ত আৰম্ভ কৰা নাই আৰক্ষীয়ে।

অভিযুক্ত আৰক্ষী বিষয়া বৰ্মন এতিয়াও থানাখনত কৰ্মৰত অৱস্থাত থকা আৰু তেওঁতকৈ “তলৰ বিষয়া”ই ঘটনাৰ তদন্ত কৰাক লৈয়ো ক্ষোভ উজাৰিছে পৰিয়ালটোৱে।

“অভিযুক্ত আৰক্ষী বিষয়াজন যদি উক্ত আৰক্ষী থানাতে কৰ্মৰত হৈ থাকে, তেন্তে তেওঁৰ তলৰ এজন বিষয়াই তেওঁৰ বিৰুদ্ধে কি আৰু কেনেকৈ তথ্য-প্ৰমাণ গোটাব? তেওঁলোকে তথ্য পাতিসমূহ নাইকিয়া কৰাৰ ষড়যন্ত্ৰ কৰি আছে,” মৃত কিশোৰৰ ককায়েক পল্লৱ দাসৰ মন্তব্য।

আনহাতে ঘটনাটোৰ তদন্তকাৰী বিষয়া নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰেন মুছাহাৰীয়ে জনোৱা মতে ঘটনাটোৰ প্ৰাথমিক তদন্ত কৰিবলৈ উপ-পৰিদৰ্শক ললিত বুঢ়াগোহাঁইক দায়িত্ব দিয়া হৈছে।

“প্ৰাথমিক পৰ্য্যায়ৰ তদন্তৰ ক্ষেত্ৰত ধৰি লওক মৰণোত্তৰ পৰীক্ষা, ঘটনাটোৰ তথ্য-পাতি সংগ্ৰহ, তদন্তত কি কি পালে-নাপালে তাৰ ‘চিজাৰ লিষ্ট’ প্ৰস্তুত কৰিব লাগিব। সেইবিলাক তেওঁ চি আই ডিৰ ওচৰত পঠাব। তাৰ পাছতহে মোলৈ কে’ছটো হেণ্ড অ’ভাৰ হ’ব। মোৰ ফালৰ পৰা তদন্ত আৰম্ভ হোৱা নাই এতিয়ালৈকে। যেতিয়া মই অৰ্ডাৰ পাম, তেতিয়া তদন্ত আৰম্ভ হৈ যাব,” মুছাহাৰীয়ে জনায়।

অভিযুক্ত আৰক্ষী বিষয়াজনক এতিয়ালৈকে সোধ-পোচ কৰা নাই যদিও “কেইদিনমানৰ ভিতৰতে তেওঁক সোধ-পোচ কৰা হ’ব” বুলি নৰ্থ ইষ্ট নাও-ক জনাই মুছাহাৰীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd