NORTHEAST NOW (Assamese)

৪৫ বছৰীয়া হ’ল পাপন; জন্মদিনত দেশৰ শ্ৰেষ্ঠ সংগীত গোষ্ঠীৰ শুভেচ্ছা পাপনক

November 24, 2020 5:53 pm · এন ই নাও নিউজ

অসম তথা বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই আজি ৪৫ বছৰত ভৰি দিয়ে।

সুকীয়া সংগীত শৈলীৰে অসম আৰু ভাৰত বৰ্ষৰ সংগীত জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শিল্পী খনেন মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ অংগৰাগ পাপন মহন্তক ওপজা দিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছা জ্ঞাপন কৰে।

অংগৰাগ পাপন মহন্তই ১৯৭৫ চনৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল।

‘নাচাবা চকুলে’ শীৰ্ষক গীতেৰে সংগীতৰ যাত্ৰা আৰম্ভ কৰা পাপনে পৰৱৰ্তী সময়ত ভালেসংখ্যক শ্ৰেষ্ঠ গীত অসম আৰু বলিউদক উপহাৰ দিছে।

যশৰাজ ফিল্মছে পাপনলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি লিখিছে, ‘’যাদুকৰী কণ্ঠেৰে এগৰাকী কণ্ঠশিল্পী! হেপী বাৰ্থডে।’’

‘‘সহস্ৰজনৰ হৃদয়ৰ কণ্ঠক শুভেচ্ছা, হেপী বাৰ্থডে পাপন,’’ টাইমছ মিউজিকে এইদৰে শুভেচ্ছা জনাই পাপনক।

‘‘হেপী বাৰ্থডে অংগৰাগ পাপন মহন্ত! বুলেয়া, মোহ মোহ কে ঢাগে আৰু লকিৰেৰ বাবে ধন্যবাদ আৰু আমি বহু সংখ্যক সুন্দৰ সৃষ্টিৰ বাবে বাট চাই আছো,’’ গানাই এনেদৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে কণ্ঠশিল্পী গৰাকীক।

‘‘তেওঁৰ যাদুকৰী কণ্ঠই আমাৰ হৃদয় উমাল কৰি তুলিব পাৰে। জন্মদিনৰ বহু শুভকামনা পাপন,’’ হাংগামা.কমে পাপনক এনেদৰে জন্মদিনৰ শুভকামানা জনায়।

বলিউদৰ সংগীত গোষ্ঠী সমূহৰ লগতে অসমৰো পাপনৰ অনুৰাগী আৰু সংগীত প্ৰেমী সকলে পাপনক ৪৫ বছৰীয়া জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰে।

Related News