• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰুভূমিৰ মাজত জিলিকি আছে ধাতুৰ সুদৃশ্য স্তম্ভ, এলিয়েনৰ কাম নেকি এয়া!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 24, 2020 5:53 pm

2 min read

aqaa 618
279
VIEWS
Share on FacebookShare on Twitter

ভিন্ন গ্ৰহৰ প্ৰাণীকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায়ে চাঞ্চল্যৰ সৃষ্টি হৈ অহাৰ সময়তে মৰুভূমিৰ মাজত এটা ধাতুৰ স্তম্ভ থিয় হৈ থকাৰ কথাই এতিয়া নতুন ৰহস্যৰ সৃষ্টি কৰিছে।

জন সমাগমৰ পৰা শত যোজন দূৰৈত থকা মৰভূমিৰ উক্ত স্থানত কোনে এই ধাতুৰ স্তম্ভটো স্থাপন কৰিলে তাকে লৈ বহুতৰে মনত নানান প্ৰশ্নই ভূমুকি মাৰিছে।

আমেৰিকাৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত উটাহ মৰুভূমিৰ মাজত সগৌৰৱেৰে থিয় দি থকা ধাতুৰ স্তম্ভটো প্ৰথমে প্ৰত্যক্ষ কৰে এগৰাকী মাৰ্কিন হেলিকপ্তাৰ পাইলটে।

মৰুভূমিত বাস কৰা বনৰীয়া ভেড়াৰ গণনাৰ কামত ব্যস্ত পাইলট জনে আকাশ মাৰ্গৰ পৰা তলত কিবা উজ্জ্বল বস্তু জিলিকি থকা দেখিবলৈ পাই আচৰিত হৈ পৰে।

কেতিয়াও কোনো লোকে যাবলৈ সাহস নকৰা উক্ত স্থানত কোনে সেই ধাতুৰ স্তম্ভটো স্থাপন কৰিলে সেয়া ভাবি আচৰিত হ’ল মাৰ্কিন পাইলট ব্ৰেট হাটচিংছ।

কৌতূহল দমন কৰিব নোৱাৰি পাইলট  গৰাকীয়ে হেলিকপ্তাৰ খন মৰুভূমিৰ মাজত অৱতৰণ কৰোৱালে আৰু মৰসাহ কৰি সেই স্তম্ভৰ কাষলৈ গ’ল।

পাইলট ব্ৰেটে প্ৰকাশ কৰা মতে মৰুভূমিত থকা ৰেড ৰ’ক অঞ্চলতে এই স্তম্ভটো সজা হৈছে। স্তম্ভটো কোনে কেতিয়া সাজিছিল সেই বিষয়ে তাত কোনো তথ্যৰ উল্লেখ নাই।

উটাহৰ মৰুভূমিৰ মাজত এনেদৰে ধাতুৰ স্তম্ভ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া বিষয়টোকলৈ বিভিন্ন জনে ভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে।

প্ৰায় ১২ ফুট ওখ এই স্তম্ভটো ভিন্ন গ্ৰহৰ প্ৰাণী এলিয়েনে স্থাপন কৰা বুলিও বহুতে সন্দেহ কৰিছে।

কাৰণ ইয়াৰ পূৰ্বেও আমেৰিকাত পৃথিৱীৰ ধাতুৰ সৈতে মিল নথকা বেলেগ ধৰণৰ ধাতুৰে নিৰ্মিত বিভিন্ন আকাৰৰ সামগ্ৰী উদ্ধাৰ হৈছিল।উটাহ মৰুভূমিত এলিয়েনৰ যানে অৱতৰণ কৰি অহা বুলিও মাজে সময়ে চৰ্চা হৈ আহিছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd