NORTHEAST NOW (Assamese)

উজনি-নামনিৰ পিছত এইবাৰ গুৱাহাটীৰ মহাবিদ্যালয়ত ‘কাঞ্চনজংঘা’ৰ প্ৰচাৰ

September 1, 2019 9:05 pm · শান্তনু শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

অহা ৬ ছেপ্তেম্বৰত মুক্তি পাব লগীয়া ‘কাঞ্চনজংঘা’ৰ প্ৰচাৰৰ বাবে গুৱাহাটীত উপস্থিত হৈছে জুবিন গাৰ্গ।

ৰাজ্যজুৰি চলোৱা প্রচাৰ অভিযানৰ পাছত আজি জুবিন গাৰ্গ আৰু কাঞ্চনজংঘাৰ টীমে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলায়।

প্ৰচাৰৰ সময়ত জুবিনে কয়, ‘এইখন নতুন প্ৰজন্মৰ চিনেমা। সেয়ে চিনেমাখন নিৰ্মাণ কৰোতে ১৮ বছৰ ৰৈ দিলো। শিশুসকলে চিনেমাখন বুজি নাপাব কিন্তু যদি মোক ভাল পায় তেন্তে তেওঁলোকেও চাব আহিব পাৰে’।

‘চিনেমাখন হৈছে বৰ্তমানৰ চিষ্টেম আৰু জাত-পাতৰ বিৰুদ্ধে’। এইদৰে কাঞ্চনজংঘাৰ প্ৰচাৰ চলায় জুবিনে।

ইফালে কাঞ্চনজংঘাৰ সৈতে চুক্তিবদ্ধ হৈছে PAYtm। এই কথা জানিবলৈ দি জুবিনে কয় যে যিকোনো চিনেমাগৃহত কাঞ্চনজংঘা চালে দৰ্শকে ৫০ টকা cashback পাব।

আনহাতে ASTC গ’ল্ড চিনেমাত কাঞ্চনজংঘা চোৱা দৰ্শক সকলৰ মাজৰ পৰা লটাৰী যোগে এজনক নিৰ্বাচন কৰি ১লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব বুলি গ’ল্ড চিনেমাৰ স্বত্তাধিকাৰী ৰাজীৱ বৰাই জানিবলৈ দিয়ে।

উল্লেখ্য যে আজিৰ এই প্ৰচাৰ অভিযানৰ সময়ত জুবিন গাৰ্গৰ সৈতে আছিল গ’ল্ড চিনেমাৰ স্বত্তাধিকাৰী ৰাজীৱ বৰা।

খানাপৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ পিছতেই ছবিখনৰ প্ৰচাৰৰ বাবে জুবিন পোনে পোনে সন্দিকৈ কলেজলৈ ৰাওনা হয়।

Related News