আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি আজি উন্মোচন কৰা হয়। ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ নতুন জাৰ্চি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।
উল্লেখ্য যে টি-২০ প্ৰতিযোগিতাখন ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ ইউএই আৰু ওমানত অনুষ্ঠিত হ’ব।
‘বিলিয়ন চিয়ৰ্ছ জাৰ্চি’ নামৰ নতুন জাৰ্চিটো অনুৰাগীসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈছে আৰু ভাৰতীয় পুৰুষ, মহিলা আৰু ১৯-অনুৰ্ধ দলৰ অফিচিয়েল কিট পৃষ্ঠপোষক MPL স্পৰ্টছে উন্মোচন কৰিছে।
“ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে অনুৰাগীসকলক জাৰ্চীত স্মৰণীয় কৰি তোলা হৈছে। ই অতীতৰ গৌৰৱময় খেলবোৰৰ পৰা অনুৰাগীৰ সমৰ্থন আৰু উল্লাস বহন কৰে। জাৰ্চীত প্ৰুচিয়ান নীলা আৰু ৰয়েল নীলা ৰঙ প্ৰতিফলিত হ’ব।” MpL স্পৰ্টছে এক বিজ্ঞপ্তিত কয়।
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয়, “ভাৰতীয় ক্ৰিকেট দলে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে সমৰ্থন লাভ কৰিছে, আৰু এই নতুন জাৰ্চীৰ জৰিয়তে অনুৰাগীৰ উত্তেজনা আৰু সমৰ্থন উদযাপন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।”
“ই নিঃসন্দেহে দলটোক বিশ্বৰ টি-২০ চেম্পিয়ন হিচাপে আত্মপ্ৰকাশৰ বাবে অতি প্ৰয়োজনীয় উৎসাহী সমৰ্থন প্ৰদান কৰিব। আমি এইটো দেখি আনন্দিত যে MPL স্পৰ্টছে ব্যাপকভাৱে সুলভ আৰু উন্নত সামগ্ৰী বিতৰণ কৰি আছে।”- গাঙ্গুলীয়ে লগতে কয়।
বিচিচিআইৰ সম্পাদক জয় শ্বাহে কয়, “জাৰ্চীযোৰৰ আঁৰৰ কাহিনীটো প্ৰতিজন ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ কাহিনী। আমি নিশ্চিত যে এইটো পৰিধান কৰাটো দল আৰু সমৰ্থক দুয়োৰে বাবে গৌৰৱৰ বিষয় হ’ব।”
উল্লেখ্য যে জাৰ্চিযোৰ বজাৰত ১,৭৯৯ টকাত উপলব্ধ হ’ব।
ইয়াৰ লগতে খেলুৱৈ সংস্কৰণৰ জাৰ্চি আৰু অধিনায়ক বিৰাট কোহলী স্বাক্ষৰিত ১৮ নম্বৰ জাৰ্চীকে ধৰি ১০ টাতকৈও অধিক ভিন্নতাৰ জাৰ্চি মুকলি কৰা হৈছে।