DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰবল উৎসাহেৰে কপালত টাটু কৰিছিল মেছিৰ নাম, এতিয়া ভুগিছে অনুশোচনাত! অনুশোচনাৰ কাৰণ কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 7:11 am
Messi tattoo Mike Jambs
174
VIEWS
Share on FacebookShare on Twitter

৩৬ বছৰৰ ব্যৰ্থতাৰ অবসান ঘটাই সদ্যসমাপ্ত কাটাৰ বিশ্বকাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে আৰ্জেণ্টিনাই। প্ৰথমবাৰৰ বাবে বিশ্ব জয়ৰ সোৱাদ ল’লে মহাতাৰকা লিঅ’নেল মেছিয়ে। প্ৰিয় তাৰকাগৰাকীৰ এই সাফল্যত বিভোৰ হৈ এগৰাকী অনুৰাগীয়ে লৈছিল এক ডাঙৰ সিদ্ধান্ত।

মেছিৰ প্ৰতি থকা তীব্ৰ প্ৰেমৰ প্ৰমাণ দি মাইক জেম্বছ নামৰ এই অনুৰাগীগৰাকীয়ে কপালত মেছিৰ নাম লিখি লোৱাৰ সিদ্ধান্ত লৈছিল। সিদ্ধান্ত অনুসৰিয়েই তেওঁ কপালত লিখি লৈছিল প্ৰিয় তাৰকাগৰাকীৰ নাম। কিন্তু এতিয়া যুৱকজনে নিজৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰিছে। তেওঁ যেন কৰি পেলালে এক ডাঙৰ ভুল!

কিন্তু হঠাতে কিয় এই অনুশোচনা মাইকৰ? লিঅ’ মেছি কোনো কাৰণত অপছন্দৰ হৈ পৰিছে নেকি যুৱকগৰাকীৰ মনত? নাই, এনে হোৱা নাই। আন এক কাৰণহে অনুশোচনাত ভুগিছে মাইকে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত মাইকে এই কথা জনাইছে।

এটা ভিডিঅ’ পোষ্ট কৰি মাইকে কেপচনত লিখিছে, “মেছিৰ নাম টাটু কৰি আক্ষেপ হৈছে।” ভিডিঅ’টোত তেওঁ কয় যে কপালত টাটু কৰাৰ সিদ্ধান্ত একেবাৰেই সঠিক নাছিল। মাইকৰ ভাষাত, “এতিয়া টাটুটো কৰাৰ বাবে মই অনুশোচনা কৰিছো। মই ভাবিছিলো সকলোৱে শলাগ ল’ব। কিন্তু ইয়াৰ বিপৰীতে সকলোৰে ব্যৱহাৰ বৰ অপমানজনক।”

মাইকেল জানিবলৈ দিয়া মতে টাটুটো কৰাৰ পিছত তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰা হৈছে। তেওঁৰ পৰিয়ালৰ লোককো মানুহে কটাক্ষ কৰিছে। “ইমান সোনকালে এই কথা ক’ম বুলি ভবা নাছিলো। কাৰণ টাটুটোক লৈ মোৰ বৰ গৌৰৱ আছিল। কিন্তু এতিয়া মোৰ ভুল হোৱা যেন লাগিছে।”— ভিডিঅ’টোত মাইকে কয়।

দৰাচলতে মাইকে টাটু কৰাৰ পিছত ছ’চিয়েল মিডিয়াত নিজৰ কেইবাখনো ছবি পোষ্ট কৰিছিল। এই ফটোসমূহ পোষ্ট কৰাৰ পাছতে একাংশ লোকে মাইকক ঠাট্টা কৰিবলৈ ধৰে। বহুতে দাবী কৰে যে তেওঁ সস্তীয়া জনপ্ৰিয়তাৰ বাবে এই কাম কৰিছিল।

মাইকে এই সন্দৰ্ভত ভিডিঅ’টোত কয়, “মই কাকো আঘাত কৰা নাছিলো। মই একো অবৈধ কাম কৰা নাছিলো। কিন্তু এই কাৰ্যই নেটিজেনৰ সমালোচনা বন্ধ কৰিব নোৱাৰিলে।”

এইদৰে অহৰহ বিতৰ্ক আৰু কটুক্তিৰ সন্মুখীন হৈ মাইক হতাশ হৈ পৰে। দুখ প্ৰকাশ কৰি মাইকে তেওঁৰ সৈতে কিয় ইমান বেয়া ব্যৱহাৰ কৰা হৈছে সেয়া বুজিব পৰা নাই বুলি মন্তব্য কৰে।

 

View this post on Instagram

 

A post shared by Mike Jambs (@mike_jambs)

Recent News

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd