ৰাজধানী এক্সপ্ৰেছ, শতাব্দীৰ ভাড়া বৃদ্ধি; আগবঢ়োৱা হ’ব থলুৱা জুতিৰ লঘু আহাৰ

rajdhani-express

প্ৰতিনিধিত্বমূলক ফটো

ৰাজধানী এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ আৰু দুৰন্ত ৰে’লত ভ্ৰমণ অধিক খৰচী হৈ পৰিল। ৰেইলৱে বোৰ্ডে খাদ্যৰ (এই ৰে’লসমূহত যাত্ৰা কৰা যাত্ৰীৰ বাবে) দৰ বৃদ্ধি  কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ ফলত যাত্ৰীভাড়া কিছু পৰিমানে বৃদ্ধি পাব।

ৰেইলৱে বোৰ্ডে ইয়াৰ নতুন নিৰ্দেশত প্ৰকাশ কৰিছে যে প্ৰথম শ্ৰেণীৰ বাতানুকুল আৰু কাৰ্যবাহী শ্ৰেণীত একাপ চাহৰ দাম ৬ টকা বৃদ্ধি পাই এতিয়া ৩৫টকা হ’ব।

‘’ৰাতিপুৱাৰ জলপানৰ দাম ৭টকা বৃদ্ধি পাব আৰু এতিয়া ইয়াৰ দাম হ’ব ১৪০টকা। সেইদৰে ১৫ টকা বৃদ্ধিৰে আহাৰৰ দাম কৰা হৈছে ২৪৫টকা,’’-নিৰ্দেশটোত কোৱা হৈছে।

‘’বাতানুকুল দ্বিতীয় শ্ৰেণী আৰু বাতানুকুল তৃতীয় শ্ৰেণীৰ চেয়াৰ কাৰত চাহৰ দাম ৫টকা বৃদ্ধি কৰি এতিয়া ২০টকা কৰা হৈছে। সেইদৰে ৰাতিপুৱাৰ জলপানত ৮টকা বৃদ্ধি কৰাৰ ফলত এতিয়া ইয়াৰ দাম হ’বলৈ ১০৫টকা,’’-নিৰ্দেশটোত লগতে কোৱা হয়।

‘’আহাৰৰ দাম ১০টকা বৃদ্ধি কৰা হৈছে আৰু এতিয়া ইয়াৰ দাম হ’বগৈ ১৮৫টকা,’’-ৰেইলৱে বোৰ্ডৰ নিৰ্দেশটোত কোৱা হৈছে।

নিৰ্দেশটোত লগতে কোৱা হৈছে যে একেদৰে থলুৱা জুতিৰ খোৱবস্তুৰ পৰিৱেশনো কৰা হ’ব আৰু ৩৫০ গ্ৰামৰ এই খাদ্য জিএছটি সামৰি ৫০টকাত পোৱা যাব।

‘’আইআৰচিটিচিয়ে নতুনকৈ আৰম্ভ কৰা এই খাদ্য তালিকা অনুসাৰে নিৰ্দিষ্ট কৰি দিয়া মূল্যত গুণ আৰু মান নিশ্চিত কৰি তথা সেৱাৰ বাবে কোনো অতিৰিক্ত লাভ নোলোৱাকৈ পৰিৱেশন কৰিব,’’-নিৰ্দেশটোত কোৱা হৈছে।