তামুলপুৰত অৱসৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানক বিদায় সম্বৰ্দ্ধনা অধিবিদ্যা পৰিষদৰ

Tamulpur school headmaster

বাক্সা জিলা স্কুল পৰিদৰ্শকৰ কাৰ্যলয়ৰ অন্তৰ্গত ১১ নং তামুলপুৰ অধিবিদ্যা পৰিষদৰ দ্বাৰা আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পুৰন্দৰ বড়ো আৰু মাজদিয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চৰিত্ৰ কলিতাক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্দ্ধনা জনোৱা হয়।

এই উপলক্ষে তামুলপুৰ মহকুমা সদৰৰ বৰখোপা হাইস্কুলত আজি তামুলপুৰ অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক গোপাল ৰাজবংশীৰ পৰিচালনাত এখন সভা অনুষ্ঠিত হয়৷ উক্ত সভাত বাক্সা জিলা অধিবিদ্যা পৰিষদৰ সভাপতি তথা বাক্সা জিলাৰ স্কুল পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়া মুখ্য অতিথি তথা কাৰ্যকৰী সভাপতি বৈকুন্ঠ তালুদাৰ আৰু সাধাৰণ সম্পাদক সূৰ্য্য কলিতা অতিথি হিচাপে উপস্থিত থাকে।

সভাত অৱসৰ লোৱা প্ৰধান শিক্ষক দুগৰাকীক একোখন ফুলাম গামোচা, চেলেংচাদৰ, জাপি, গ্ৰন্থ আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ সম্বৰ্দ্ধনা গ্ৰহণ কৰি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পুৰন্দৰ বড়ো আৰু মাজদিয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চৰিত্ৰ কলিতাই সাৰগৰ্ভ বক্তব্য আগবঢ়ায়।

আজিৰ এই বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত তামুলপুৰ অধিবিদ্যা পৰিষদৰ অন্তৰ্গত কচুবাৰী, বৰ বেলবাৰী, ৰামেচুবুৰী, বতিয়ামাৰী, কলবাৰী, উলুবাৰী, মাজদিয়া, পদ্মানন্দ, পশ্চিম তামুলপুৰ, তামুলপুৰ ছোৱালী হাইস্কুল, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ সমন্বিতে আন বিদ্যালয়সমূহৰ প্ৰধান শিক্ষককে ধৰি কেইবাগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উপস্থিত থাকে।