• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পদৰ পৰা হীৰেন নাথৰ বিদায়ে বিষাদগ্ৰস্ত কৰিলে বহুতকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 1, 2018 11:58 pm

2 min read

Pradeep Saloi

নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈলৈ দায়িত্ব হস্তান্তৰ কৰা মুহূৰ্তত হীৰেন নাথ (বাওঁফালৰজন)।

92
VIEWS
Share on FacebookShare on Twitter

বহু চৰকাৰী উচ্চ পদস্থ বিষয়া আছে যিসকল প্ৰায়ে বিভিন্ন বিতৰ্কৰেৰে চৰ্চাত থাকে। তেওঁলোকৰ বিৰুদ্ধে সততে বিভিন্ন দল-সংগঠন বা ব্যক্তি বিশেষ সৰৱ হৈ থকাও সাধাৰণ কথা। সংবাদ মাধ্যমৰো বাতৰিৰ শিৰোনামত থাকে তেওঁলোকৰ নাম। কিন্তু তেনে বহু বিষয়াৰ চৰিত্ৰৰ বিপৰীত গুৱাহাটী মহানগৰ আৰক্ষীৰ বিদায়ী আয়ুক্ত হীৰেন চন্দ্ৰ নাথ।

শনিবাৰে শীৰ্ষ বিষয়াগৰাকীয়ে মহানগৰ আৰক্ষীৰ আয়ুক্ত পদৰ পৰা বদলিৰ পাছতেই তেওঁক লৈ আৰক্ষীৰ লগতে বিভিন্ন মহলত চৰ্চা চলা পৰিলক্ষিত হয়।

মহানগৰৰ আৰক্ষী আয়ুক্ত পদৰ পৰা বিদায় লোৱাৰ দিনটোত তেওঁৰ কাৰ্যালয়ৰ আন বিষয়া আৰু কৰ্মচাৰীসকলৰ মনবোৰ যেন আজি সেমেকা, তেনে এক ভাৱ দেখা গ’ল। কিয়নো সকলোৰে প্ৰিয় আছিল নিষ্ঠাৱান আৰক্ষী বিষয়া হীৰেন চন্দ্ৰ নাথ।

তেওঁলোকৰ মুখত কেৱল এই কথা, ‘ছাৰ বহুত ভাল মানুহ। এনেকুৱা বিষয়া বহুত ক’ম আছে। তেওঁ বহু উদাৰ মনৰ মানুহ।’

অপ্ৰিয় হ’লেও এটা কথা সঁচা যে বহু আৰক্ষী বিষয়াই ঘোচ লোৱা, দুৰ্নীতিত লিপ্ত হোৱা আদি বিভিন্ন বাতৰি প্ৰকাশ হৈ থাকে। কিন্তু এইবোৰৰ সম্পূৰ্ণ ব্যতিক্ৰম আছিল হীৰেন চন্দ্ৰ নাথ।

এগৰাকী জুনিয়’ৰ আৰক্ষী বিষয়াই আমাক ক’লে, ‘হীৰেন নাথ চাৰে সদায় সততাৰেই দায়িত্ব পালন কৰি গৈছে। দুৰ্নীতিৰ ক্ষেত্ৰত কেতিয়াও তেওঁ আপোচ কৰা আমি দেখা নাই। তেওঁক এজন মন্ত্ৰীয়েও দুৰ্নীতিত লিপ্ত কৰাব নোৱাৰে।’

মহানগৰ আৰক্ষীৰ শীৰ্ষতম দায়িত্বৰ পৰা নাথক বদলি কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছৰে পৰা আৰক্ষীৰ লোকৰ উপৰি সাংবাদিক, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে তেওঁৰ কাৰ্যাললৈ গৈ তেওঁক বিদায় তথা শুভেচ্ছা জনোৱাও দেখা গ’ল। প্ৰত্যেকেই নাথৰ কৰ্তব্যনিষ্ঠা আৰু সততাৰ শলাগ ল’লে।

উল্লেখ্য যে, ১৯৯৬ বৰ্ষৰ আই পি এছ কেডাৰ হীৰেন নাথে অসম আৰক্ষীৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ পাছত ২০১৬ চনৰ ২৬ আগষ্টত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈছিল। তেওঁ আছিল গুৱাহাটীৰ তৃতীয়গৰাকী আৰক্ষী আয়ুক্ত।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব থকা যোৱা দুটা বছৰত নাথে অতি দক্ষতাৰে দায়িত্ব সম্পাদন কৰা দেখা গ’ল। যোৱা বছৰ দুটাত সংঘটিত উল্লেখনীয় ঘটনাৰ ভিতৰত স্বেতা আগৰৱালাৰ হত্যাকাণ্ড, ভূপিন্দৰ সিং হত্যাকাণ্ড, কেবাটাও শিশু অপহৰণ আৰু নাৰীজনিত অপৰাধৰ অভিযুক্তক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত নাথৰ তৎপৰতা শলাগিব লগীয়া।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd