NORTHEAST NOW (Assamese)

অৰ্জুন টেণ্ডলুকাৰলৈ সমৰ্থন বলিউদ তাৰকা ফাৰহান আখটাৰৰ; ‘তেওঁৰ উছাহক হত্যা নকৰিব’

February 20, 2021 6:13 pm · এন ই নাও নিউজ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰক ক্ৰয় কৰাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছে।

বহুলোকে নেপোটিজমৰ বলতে অৰ্জুন টেণ্ডুলকাৰক মুম্বাই ইণ্ডিয়ানছে ২০ লাখ টকাত ক্ৰয় কৰাৰ বুলি ট্ৰল আৰম্ভ কৰিছে।

উল্লেখ্য যে শচীন টেণ্ডুলকাৰ নিজেও মুম্বাই ইণ্ডিয়ানছৰ পূৰ্বৰ খেলুৱৈ আছিল আৰু পিছলৈ দলটোৰ মেন্টৰ হিচাপেও দায়িত্ব পালন কৰি আহিছে।

এইদৰে সমালোচনাৰ জোৱাৰ উঠাৰ পিছতে বলিউদ তাৰকা ফাৰহান আখটাৰে অৰ্জুন টেণ্ডুলকাৰক সমৰ্থন কৰি ‘তেওঁৰ উছাহক হত্যা নকৰিব’ বুলি সকলোকে আহ্বান কৰিছে।

নিজৰ টুইটাৰ একাউণ্টত ফাৰহান আখটাৰে কয়, “অৰ্জুন টেণ্ডুলকাৰৰ বিষয়ে মই কোৱাতো প্ৰয়োজনবোধ কৰিছো। আমি একেটা জিমলৈ যাওঁ, মই দেখিছো তেওঁ ফিটনেছৰ বাবে কিমান পৰিশ্ৰম কৰে, ভাল ক্ৰিকেটাৰ হ’বলৈ তেওঁ কৰা কষ্টও মই দেখিছো। তেওঁৰ ওপৰত স্বজনতোষণ শব্দটো প্ৰয়োগ কৰাতো অন্যায় আৰু নিষ্ঠুৰ হৈছে। তেওঁৰ উছাহক হত্যা নকৰিব, আৰম্ভ হোৱাৰ পূৰ্বে তেওঁক তললৈ নমাই নিদিব।”

Related News