• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুইপৰ দুই বিষয়াৰ হত্যাই অসমৰ কি উপকাৰ সাধিব? আলফাক প্ৰশ্ন বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোঁহাইৰ

মানৱীয়তাৰ খাতিৰতে দুই অপহৃতক মুক্তিৰ আহ্বান অসংখ্য নেটিজেনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2021 6:10 pm

2 min read

a gohain
286
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ পৰা আলফা আৰু এনএছচিএনে অপহৰণ কৰি নিয়া কুইপ নামৰ কোম্পানীটোৰ দুই বিষয়াক আলফাই অহা সপ্তাহত চৰম শাস্তি বিহিব বুলি ঘোষণা কৰাৰ পিছতে বিষয়টোকলৈ ছ’চিয়েল মিডিয়াত সমালোচনাৰ ঢৌ উঠিছে।

কেৱল ছ’চিয়েল মিডিয়াতে নহয়, অসমৰ আগশাৰীৰ বহু বিশিষ্ট ব্যক্তিয়েও আলফাৰ এনে ঘোষণাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোঁহায়ে আজি এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি কয় ‘অপহৃত বিষয়া এটা কোম্পানীৰ বিষয়া। এই কোম্পানীটোৰ নীতি-কাম-কাজ তেওঁলোকে নিৰ্দ্ধাৰণ নকৰে। গতিকে তেওঁলোক এই কোম্পানীটোৰ কাম-কাজৰ কাৰণে কিয় দায়ী হ’ব মই ধৰিব পৰা নাই আৰু ই অসমৰ কি উপকাৰ সাধিব সেইটো মোৰ কাৰণে পৰিস্কাৰ নহয়। ইয়াক  ধিক্কাৰ দিয়াৰ বাহিৰে মই অন্য ভাষা বিচাৰি নাপালো ’।

তেওঁ লগতে কয় যে যি হ’বলৈ গৈ আছে এইটো ‘অৰ্থপূৰ্ণ কথা নহয়’।

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এনে দাবী উত্থাপন নকৰি অসম চৰকাৰৰ সৈতে অন্য ধৰণৰ বিনিময়ৰ প্ৰসংগ উত্থাপন কৰিব পাৰিলেহেঁতেন বুলি চিন্তাবিদগৰাকীয়ে কয়।

‘কা’ আন্দোলনত জৰিত হৈ যিসকল কাৰাবন্দী হৈ আছে তেওঁলোকক বিনাচৰ্তে মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনাব পাৰিলেহেঁতেন বুলি তেওঁ কয়।

ইয়াৰ বিপৰীতে তেওঁলোকে দুজন নিৰীহক ধৰি নি চৰম শাস্তি বিহাৰ ভাবুকিয়ে সাধাৰণ দয়া মায়া থকা লোকক আকৃষ্ট নকৰিব বুলি ডঃ গোহাঁয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ সেয়ে আলফাক কথাবোৰ নতুনকৈ চিন্তা কৰাৰ আহ্বান জনায়।

উল্লেখ্য  আলফা আৰু এনএছচিএনে অপহৰণ কৰা কুইপৰ দুই শীৰ্ষ বিষয়াৰ মুক্তিৰ বাবে বান্ধি দিয়া ১৬ ফেব্ৰুৱাৰীৰ অন্তিম সময় সীমা উকলি যোৱাৰ পিছত অহা সপ্তাহত দুই বিষয়াক চৰম শাস্তি বিহা হ’ব বুলি কালি আলফাই ঘোষণা কৰিছিল।

আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসম স্বাক্ষৰিত এক  বিবৃতিৰ জৰিয়তে আলফাই বিষয়া দুগৰাকীক চৰম শাস্তি বিহা হ’ব বুলি ঘোষণা কৰিছে।

অৰুণাচলৰ পৰা অপহৃত দুই কুইপৰ বিষয়াৰ মুক্তিৰ প্ৰসংগত কিছুদিন পূৰ্বে আলফাই এক বিবৃতি প্ৰকাশ কৰিছিল।

বিবৃতিটোত আলফাই কুইপৰ কৰ্মচাৰীৰ মুক্তিৰ বাবে সময়সীমা বান্ধি দিছিল।

১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ নামৰ কোম্পানীটোৱে আলফাই দাবী কৰা  মুক্তিপণ আদায় নিদিলে কোম্পানীটোৰ বিহাৰৰ অপহৃত বিষয়া ৰাম কুমাৰক ১৭ ফেব্ৰৱাৰীত হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল। অৱশ্যে সেইবাৰ আলফাই বিষয়া জনৰ বিৰুদ্ধে চৰম পন্থা গ্ৰহণ কৰা নাছিল।

কালি প্ৰকাশ কৰা বিবৃতিত আলফাই কুইপ কোম্পানীটোক দক্ষিণ-পূব এছিয়াত নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰাৰ লগতে কোম্পানীটোত কৰ্মৰত কৰ্মচাৰীসকলক নিজৰ কৰ্ব্যৰ পৰা বিৰত থাকি অইল ইণ্ডিয়া লিমিটেডক কৰ্মসংস্থাপনৰ বাবে হেঁচা দিবলৈ কৈছে।

অন্যথা যিকোনো বিষম পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ দায়িত্ব কৰ্মচাৰীসকলে নিজেই বহন কৰিব লাগিব বুলি বিবৃতিটোত সতৰ্ক কৰি দিয়া হৈছে। ইপিনে ছ’চিয়েল মিডিয়াতো বহু নেটিজেনে আলফাক মানৱতাৰ খাতিৰতে দুই অপহৃত বিষয়াক মুক্তি দিবলৈ আহ্বান জনাইছে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd