সন্তানৰ বাবে পিতৃ এজোপা বটবৃক্ষৰ দৰে, যাৰ ছাঁত সন্তানে মৰম-আকলুৱাতাৰ লগতে এক সুৰক্ষিত পৰিৱেশ লাভ কৰে। কিন্তু সেই পিতৃয়েই যেতিয়া ঘাতকৰ ৰূপ লয়, তাতকৈ ঘৃণনীয় আৰু একো হ’ব নোৱাৰে। হাৰিয়ানাৰ ফৰিদাবাদত শেহতীয়াকৈ সংঘটিত হৈছে এক শোকাৱহ তথা মৰ্মান্তিক ঘটনা। কেৱল ১-ৰ পৰা ৫০-লৈ সংখ্যা লিখিব নোৱাৰাৰ বাবেই এগৰাকী পাষণ্ড পিতৃয়ে নিজৰ ৪ বছৰীয়া কন্যাক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰি হত্যা কৰে।
শিক্ষা দানৰ নামত এজন পিতৃয়ে নিজ সন্তানৰ ওপৰত চলোৱা এই পাশৱিক নিৰ্যাতনে সমগ্ৰ দেশবাসীৰ বিবেকক জোকাৰি গৈছে। এই লোমহৰ্ষক হত্যাকাণ্ডই বৰ্তমান সমাজত শিশুৰ সুৰক্ষাক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।
প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে ফৰিদাবাদৰ ছেক্টৰ-৫৮ থানা অঞ্চলত এই ঘটনা পোহৰলৈ আহিছে। অভিযুক্ত পিতৃজনৰ নাম কৃষ্ণা জয়ছোৱাল (৩১)। উত্তৰ প্ৰদেশৰ সোনভদ্ৰৰ নিবাসী কৃষ্ণা আৰু তেওঁৰ পত্নী ফৰিদাবাদৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। পত্নীয়ে দিনৰ ভাগত কামলৈ যোৱাৰ বিপৰীতে কৃষ্ণাই ঘৰতে থাকি সন্তানৰ যত্ন লৈছিল আৰু কন্যাক পঢ়ুৱাইছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাৰ দিনা কৃষ্ণাই কন্যাক ঘৰত পঢ়ুৱাই থকাৰ সময়তে ১-ৰ পৰা ৫০-লৈ সংখ্যাবোৰ লিখিবলৈ দিছিল। কিন্তু শিশুটিয়ে সেই কাম সম্পূৰ্ণ কৰিব নোৱাৰাত কৃষ্ণা খঙত আগ্নিশৰ্মা হৈ কন্যাক অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। গুৰুতৰ আঘাতত শিশুটি অচেতন হৈ পৰে আৰু মূৰত পোৱা গভীৰ আঘাতৰ ফলত ঘটনাস্থলীতেই তাইৰ মৃত্যু হয়।
সন্ধিয়া কামৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত মাতৃগৰাকীয়ে কন্যাক মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে। স্বামীৰ আচৰণত সন্দেহ হোৱাত তেওঁ তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত কৃষ্ণাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে।





