কৃষকে মানি নল’লে কেন্দ্ৰৰ এম এছ পিৰ প্ৰস্তাৱ; বুধবাৰৰ পৰা পুনৰ “দিল্লী চলো”

ফটোঃ সংগ্ৰহীত।

কেন্দ্ৰীয় চৰকাৰৰ নূন্যতম সমৰ্থন মূল্য বা শস্যৰ বাবে এম এছ পিৰ প্ৰস্তাৱ নাকচ কৰিছে প্ৰতিবাদকাৰী কৃষকসকলে। পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু সীমান্তৱৰ্তী অঞ্চলত এখন সংবাদমেলত কৃষকসকলে কয় যে চৰকাৰৰ এই প্ৰস্তাৱত তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত নহয়।

কৃষকসকলে কয় যে “চৰকাৰৰ পৰা অহা প্ৰস্তাৱ আমি নাকচ কৰিছো। ইয়াৰ দ্বাৰা কৃষকসকলৰ কোনো লাভ নহ’ব। কৃষকৰ ওপৰত লুণ্ঠন অব্যাহত থাকিব। চৰকাৰৰ উদ্দেশ্য সঠিক নহয়। যদি কৃষকক প্ৰতিবাদ কৰিবলৈ দিয়া নহয়, তেন্তে ই দেশৰ গণতন্ত্ৰৰ বাবে এক ডাঙৰ ভাবুকি।” ইয়াৰ ফলত বুধবাৰৰ পৰা (২১ ফেব্ৰুৱাৰী) দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত পুনৰ কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি, চৰকাৰক পুৰণি নূন্যতম সমৰ্থন মূল্যত মাত্ৰ তিনি প্ৰকাৰৰ দালি, কুঁহিয়াৰ আৰু কপাহ ক্ৰয় কৰাৰ নিশ্চয়তা দিবলৈ কোৱা হৈছিল। চৰকাৰে এই ব্যৱস্থা আগন্তুক পাঁচ বছৰলৈ অব্যাহত ৰাখিবলৈ সন্মত হয়। কিন্তু, চৰকাৰৰ এই প্ৰস্তাৱ নাকচ কৰিলে কৃষকসকলে।

লগতে পঢ়কঃ ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, কানহাইয়া কুমাৰকে ধৰি ১০ জন কংগ্ৰেছ নেতাক চমন জাৰি অসম আৰক্ষীৰ CID বিভাগৰ

তেওঁলোকে স্পষ্ট কৰি দিছে যে তেওঁলোকে ২৩ বিধ শস্যৰ ওপৰত এম এছ পি বিচাৰে। শম্ভু সীমান্তৰ কৃষক নেতা সৰৱান সিং পাণ্ডেৰ মতে চৰকাৰৰ এই প্ৰস্তাৱ তেওঁলোকৰ বাবে গ্ৰহণযোগ্য যেন নালাগিল। বুধবাৰৰ পৰা প্ৰতিবাদী কৃষকসকলে পুনৰ আৰম্ভ কৰিব দিল্লী অভিমুখে শান্তিপূৰ্ণ পদযাত্ৰা।

কৃষকসকলে চৰকাৰক কোনো প্ৰস্তাৱ দিয়া নাই বুলিও তেওঁ কয়। ২১ তাৰিখে দিল্লীলৈ যাব। অৱশ্যে সীমান্ত অঞ্চলত দিল্লী আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড ভংগ কৰাৰ কোনো পৰিকল্পনা নাই কৃষকসকলৰ।

দেওবাৰে কেন্দ্ৰ আৰু কৃষকৰ মাজত চতুৰ্থ ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰই নূন্যতম সমৰ্থন মূল্যত দালি, কুঁহিয়াৰ আৰু কপাহ ক্ৰয় কৰাৰ পাঁচটা পৰিকল্পনা দাঙি ধৰে। বৈঠকৰ অন্তত কৃষকসকলে জনায় যে চৰকাৰৰ এই প্ৰস্তাৱ বিবেচনা কৰিবলৈ দুদিন সময় লৈছে। এই দুদিনৰ বাবে বন্ধ থাকিব ‘দিল্লী চালো’ অভিযান।

লগতে পঢ়কঃ মঙল গ্ৰহলৈ যাব ভাৰতৰ ড্ৰ’ন : পৰিকল্পনা ইছৰোৰ 

সোমবাৰে ইউনাইটেড ফাৰ্মাৰ্ছ মৰ্চাৰ (অৰাজনৈতিক) নেতা জগজিৎ সিং দলেৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে পাম তেল আমদানি কৰাত ১.৭৫ লাখ কোটি টকা ব্যয় কৰে। এই ধন যদি তৈলবীজ উৎপাদনৰ বাবে আবণ্টন দিয়া হয় তেন্তে ইয়াৰ দ্বাৰা কৃষকসকলৰ যথেষ্ট উপকাৰ হ’ব। কৃষক নেতাগৰাকীয়ে লগতে কয় যে আপাততঃ চৰকাৰৰ সৈতে সাক্ষাৎ কৰাৰ কোনো পৰিকল্পনা তেওঁলোকৰ নাই। কিন্তু আলোচনা কৰিবলৈ তেওঁলোক সদায় সাজু।