মহিলা কৃষক দিৱস : ভাৰত চৰকাৰৰ মহিলা কৃষকৰ বঁটা অসমৰ ২ মহিলালৈ

agri-2

আজি ১৫ অক্টোবৰত মহিলা কৃষক দিৱস উপলক্ষে নতুন দিল্লীৰ পুসাত আয়োজিত এক অনুষ্ঠানত যোৰহাটৰ নবনীতা দাসক পুৰস্কৃত কৰা হৈছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে প্ৰগতিশীল মহিলা কৃষকগৰাকীক এই বঁটাটো প্ৰদান কৰে।

গোৱালপাৰাৰ আন এগৰাকী মহিলা কৃষক দীপিকা ৰাভাকো আজি এই বঁটা প্ৰদান কৰা হৈছে। অক্টোবৰৰ ১৫ তাৰিখটোক আন্তৰ্জাতিক মহিলা দিৱস হিচাপে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰিছে আৰু ২০১৬ চনত ভাৰতত ৰাষ্ট্ৰীয় মহিলা কৃষক দিৱস হিচাপে ঘোষণা কৰা হৈছে।

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে কৃষিকাৰ্যৰ প্ৰতিটো স্তৰতে মহিলাসকলৰ অৱদানক স্বীকাৰ কৰি তেওঁলোকৰ ভূমিকাক স্বীকৃতি দিয়াৰ সিদ্বান্ত গ্ৰহণ কৰিছে।

মহিলা সকলে কৃষিকাৰ্যত ৬০ৰ পৰা ৮০ শতাংশ আৰু দুগ্ধ উৎপাদন ক্ষেত্ৰত ৮০ শতাংশ অৰিহণা যোগাই আহিছে। নবনীতাই নাৰ্ছৰ চাকৰি বাদ দি এলংমৰাত ফলমুল আৰু শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰিছিল।তেওঁৰ ব্ৰহ্মপুত্ৰৰ চাৰিগাঁও চাপৰিত বৰচলা বিলৰ ওচৰত ৬ বিঘা মাটিত জৈৱিক শস্যৰ কৃষিপাম আছে। ফলমূল, শাক-পাচলি আৰু ক’লা ধানৰ খেতি কৰাৰ বাবে নবনীতাই কৃষিভূমিক জৈৱিক পদ্ধতিৰে সাৰুৱা কৰি তুলিছে। নিম আৰু অন্য জোপোহা জাতীয় গছৰ মিশ্ৰণেৰে তেওঁ কীটনাশক প্ৰস্তুত কৰিছে।

২০১৬ চনত নবনীতাক কৃষি আৰু গৱেষণাৰ ভাৰতীয় পৰিষদে (Indian Council of Agriculture and Research  চমুকৈ ICAR) অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সৰ্বোত্তম কৃষকৰ বঁটা প্ৰদান কৰিছিল।

স্বাধীনতা দিৱসত তেওঁক পেৰাজাইজ গ্ৰুপ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই যুটীয়াভাৱে সম্বৰ্ধনা জানাইছিল।মে’ মাহত তেওঁ আৰু আন কেইগৰাকীমান প্ৰগতিশীল কৃষকক ৰাজ্য চৰকাৰে ভিয়েটনামলৈ নি তাৰ কৃষি বিশেষজ্ঞৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ প্ৰদান কৰিছিল।