নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অনা কৃষি আইন কেইখনৰ বিৰোধিতাত কৃষক সংগঠন সমূহ একত্ৰিত হৈ অহা ৩ নৱেম্বৰত দেশজুৰি চকা বন্ধৰ আহ্বান জনাইছে।
দেশৰ বিভিন্ন অঞ্চলৰ কঋষক সংগঠন সমূহৰ মাৰাথন আলোচনাৰ অন্তত অহা মাহত দেশজুৰি চকা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
হাৰিয়াণা ভাৰতীয় কিষাণ য়ুনিয়ৰ দ্বাৰা আয়োজিত এই বৈঠকত হাৰিয়াণা, পঞ্জাৱ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশৰ লগতে বিভিন্ন ৰাজ্যৰ কৃষক নেতাসকল উপস্থিত থাকে।
এই বৈঠকত কৃষক নেতাসকলে মোদী চৰকাৰে প্ৰণয়ণ কৰা তিনিওখন আইনৰ বিৰুদ্ধে কেনেধৰণৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব আৰু ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভতো আলোটনা কৰা হয় বুলি সাংবাদিকক জনায়।
বৈঠকতে অহা ৩ নৱেম্বৰৰ ৰাতিপুৱা ১০ বজাৰ পৰা সন্ধিয়া ৪ বজালৈকে দেশজুৰি চকা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে।
চকা বন্ধৰ দিনটোত কৃষকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।
উল্লেখ্য যে ২৭ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে বিধেয়ক তিনিখনত স্বাক্ষৰ কৰাৰ লগে লগে তিনিওখন কৃষি বিধেয়ক আইনত পৰিণত হয়।