লখিমপুৰ খেৰী হত্যাকাণ্ডৰ বিচাৰ সম্পূৰ্ণ হ’বলৈ লাগিব আৰু পাঁচ বছৰ! উচ্চতম ন্যায়ালয়ত জনালে উত্তৰ প্ৰদেশ চৰকাৰে

Lakhimpur Kheri case

যোৱা ২০২১ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত নৃশংস কৃষক হত্যাকাণ্ডৰ বিচাৰ সম্পূৰ্ণ হ’বলৈ আৰু প্ৰায় পাঁচ বছৰ সময় প্ৰয়োজন হ’ব। উচ্চতম ন্যায়ালয়ত আজি উত্তৰ প্ৰদেশ চৰকাৰে দাখিল কৰা ষ্টেটাছ ৰিপ’ৰ্টত এই কথা উল্লেখ কৰিছে।

গোচৰৰ শুনানি গ্ৰহণ কৰা লখিমপুৰৰ অতিৰিক্ত অধিবেশনৰ ন্যায়াধীশগৰাকীয়ে শীৰ্ষ আদালতলৈ প্ৰেৰণ কৰা পত্ৰত কয় যে এই গোচৰত ২০৮ গৰাকী সাক্ষী, ১৭১ খন নথি-পত্ৰ আৰু ২৭ টা ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰতিবেদন আছে।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত শীৰ্ষ আদালতে অধিবেশন আদালতক অন্যান্য বিচাৰাধীন গোচৰৰ সময়সূচীৰ সৈতে আপোচ নকৰাকৈ খেৰী হত্যাকাণ্ডৰ বিচাৰ সমাপ্ত কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব সেই সন্দৰ্ভত প্ৰশ্ন কৰিছিল।

গোচৰৰ পুনৰ শুনানি ১৯ জানুৱাৰীত গ্ৰহণ কৰা হ’ব বুলি বিচাৰপীঠে উল্লেখ কৰিছে।

উল্লেখ্য যে দেশজোৰা কৃষক আন্দোলনৰ ভৰপক সময়তে ২০২১ চনৰ ৩ অক্টোবৰত লখিমপুৰ খেৰী জিলাৰ টিকুনিয়াত উত্তৰ প্ৰদেশৰ তদানীন্তন উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বাহনে প্ৰতিবাদী কৃষকসকলক মহতীয়াই নিয়া বুলি অভিযোগ উঠিছিল।

এই নৃশংস ঘটনাত চাৰিগৰাকী কৃষকৰ মৃত্যু হৈছিল। আনহাতে ঘটনাৰ পিছতে ক্ষুব্ধ কৃষকসকলে প্ৰত্যাক্ৰমণ চলোৱাত এগৰাকী সাংবাদিকসহ চাৰিগৰাকী লোকৰ মৃত্যু হৈছিল।

যোৱা বৰ্ষৰ ৬ডিচেম্বৰত বিচাৰ আদালতে এই গোচৰৰ মূল অভিযুক্ত আশীষ মিশ্ৰসহ আন ১২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি আন কেইবাটাও অপৰাধৰ অভিযোগ আৰোপ কৰিছিল। ইয়াৰ ফলত গোচৰৰ বিচাৰ আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছিল।

আদালতে লগতে আশীষ মিশ্ৰসহ হত্যাকাণ্ডৰ সৈতে জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে বিচাৰ চলোৱা হ’ব বুলি নিশ্চিত কৰিছিল।