NORTHEAST NOW (Assamese)

কাইলৈ কৃষক-চৰকাৰৰ মাজত পুনৰ আলোচনা, ইতিবাচক আলোচনাৰ আশা কৃষি মন্ত্ৰীৰ

January 14, 2021 7:17 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

নতুন কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠন সমূহে দিল্লীৰ সীমান্তত সাব্যস্ত কৰি থকা প্ৰতিবাদে আজি ৫০ দিনত ভৰি দিছে।

ইয়াৰ মাজতে কৃষক আৰু চৰকাৰৰ মাজৰ নৱম পৰ্যায়ৰ আলোচনাৰ স্থিতি স্পষ্ট হৈ পৰিছে। বিষয়টো নিষ্পত্তিৰ বাবে দুয়ো পক্ষই কাইলৈ পুনৰ এবাৰ মিলিত হ’ব।

এই সন্দৰ্ভত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ আজি কয় যে চৰকাৰে ১৫ জানুৱাৰিত কৃষক নেতাসকলৰ সৈতে খোলা মনৰ সৈতে আলোচনা কৰিবলৈ সাজু।

তেওঁ লগতে কয় যে শুকুৰবাৰে কৃষক সংগঠনৰ সৈতে নৱম পৰ্যায়ৰ আলোচনাত ইতিবাচক আলোচনা হোৱাৰ আশা কৰা হৈছে।

কৃষক আন্দোলনৰ অন্ত পেলাবলৈ যোৱা ৮ জানুৱাৰিত চৰকাৰ আৰু কৃষকসকলৰ মাজত অনুষ্ঠিত হোৱা অষ্টম পৰ্যায়ৰ বৈঠকতে পৰৱৰ্তী পৰ্যায়ৰ আলোচনা ১৫ জানুৱাৰিত অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল।

অষ্টম পৰ্যায়ৰ বৈঠকৰ পিছত অৰ্থাৎ ১২ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে কৃষি আইন ৰূপায়নত স্থগিতাদেশ প্ৰদান কৰি কৃষক সকলৰ সৈতে বিবাদমান বিষয় সমূহ সমাধান কৰাৰ ক্ষেত্ৰত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল।

এই সমিতিত আছিল কৃষি অৰ্থনীতিবিদ অশোক গুলাটী, ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মান, শ্বটকৰী সংগঠনৰ অধ্যক্ষ অনিল ঘণৱট আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ ড° প্ৰমোদ কুমাৰ যোশী।

সমিতি গঠনৰ পিছতেই চৰকাৰ আৰু কৃষকৰ আলোচনাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। প্ৰতিবাদৰত কৃষকসকলে সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিক লৈ মুঠেও সন্তুষ্ট নাছিল।

সমিতিৰ চাৰিওজন সদস্য চৰকাৰী লোক বুলি অভিযোগ তুলিছিল বিতৰ্কিত কৃষি আইন তিনিখন বাতিলৰ দাবীত দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে।

ইফালে শেহতীয়া খবৰ অনুসৰি সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চাৰিজনীয়া সমিতিৰ পৰা ভুপিন্দৰ সিং মানে আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মানে কয় যে চাৰিজনীয়া সমিতিত মোক অন্তৰ্ভুক্ত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছো, কিন্তু কৃষকৰ হিতৰ সৈতে আপোচ নকৰো আৰু ইয়াৰ বাবে যিকোনো পদ ত্যাগ কৰিম।

Related News