কৃষকক কৰা অপমান সহ্য কৰা নহ’ব : কংকনা ৰাণাৱতৰ বিৰুদ্ধে মাণ্ডীত কৃষকৰ প্ৰতিবাদ, ক্ষমা খোজাৰ দাবী

হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কংকনা ৰাণাৱতৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদী সমদল বাহিৰ কৰিছে মাণ্ডীৰ কৃষকসকলে।

উল্লেখ্য যে মোদী চৰকাৰৰ কৃষি আইন বিৰোধী আন্দোলনৰ সময়ত কংকনাই কৃষকৰ বিৰুদ্ধে কৰিছিল অপমানজনক মন্তব্য। এই অপমানজনক মন্তব্যক সোঁৱৰি বৃহস্পতিবাৰে সংযুক্ত কিষাণ মঞ্চই কংকনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ক্ষমা খোজাৰ দাবী উত্থাপন কৰে।

এছ কে এমৰ আহ্বায়ক হৰিশ চৌহানে কয়, “কংগনাই কেনেকৈ কৃষকৰ ভোট বিচাৰিব আৰু আমাৰ সমৰ্থন আশা কৰিব? তেওঁ কৃষক সমাজক অপমান কৰি থৈছে। তেওঁ প্ৰথমে ক্ষমা খুজিব লাগে।”

উল্লেখ্য যে ২০২০-২০২১ চনত তিনিখন কৃষি আইনৰ বিৰুদ্ধে হোৱা কৃষক আন্দোলনৰ সময়ত বলীউডৰ অভিনেত্ৰী কংকনাই পঞ্জাৱৰ এগৰাকী ৮০ বছৰীয়া মহিলা কৃষকক বিলকিছ বানো বুলি অভিহিত কৰিছিল বুলি অভিযোগ উঠিছে।

ইয়াৰ পূৰ্বে দিল্লীৰ শ্বাহীন বাগ অঞ্চলত CAA বিৰোধী প্ৰতিবাদৰ সময়ত আন্তৰ্জাতিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল কংকনা ৰাণাৱতে।

হৰিশ চৌহানে কয় কয় যে কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙক আমি মাণ্ডী লোকসভা আসনৰ পৰা সমৰ্থন কৰিম, কিয়নো তেওঁ এছ কে এমৰ অংশ হৈ আহিছে আৰু বিধানসভাত আমাৰ বিষয়সমূহ উত্থাপন কৰিছে।

লগতে তেওঁ কয় যে হিমাচলত কৃষকৰ ঋণ ৰেহাই দিয়া হোৱা নাই। ইৰাণৰ পৰা সস্তাত আপেল আমদানি কৰাৰ বাবে হিমাচলৰ আপেল উদ্যোগটো গুৰুতৰ সমস্যাত পৰিছে।

তেওঁ কয় যে চৰকাৰে প্ৰতি কেজি আপেলৰ নূন্যতম মূল্য ৫০ টকাকৈ নিৰ্ধাৰণ কৰাৰ পিছতো আমদানিকৃত আপেল প্ৰতি কেজিত ৪০ টকাকৈ বিক্ৰী হৈ আছে, যিটো আপেল উদ্যোগৰ বাবে বিপৰ্যয়জনক।