NORTHEAST NOW (Assamese)

অইলৰ অবিবেচক কাণ্ডই বিপদ মাতিছে কলিয়াবৰৰ কৃষকলৈ

February 10, 2021 2:21 pm · ৰিদিপ শৰ্মা

পথাৰো আমাৰ, বজাৰো আমাৰ। এই শ্ল’ গানৰে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ কৃষকসকল স্বাবলম্বী কৰিবৰ বাবে ৰাজ্য চৰকাৰে উন্নত জাতৰ আলু বীজ প্ৰদান কৰিছিল কৃষকসকল।

কিন্তু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ কোপদৃষ্টি পৰিল কলিয়াবৰৰ বৰালীগাঁৱৰ এই কৃষকসকলৰ ওপৰত।

অইলে পাইপলাইন খননৰ নামত কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ আলু খেতিৰ ওপৰতে জধে মধে চলালে খনন।

যাৰ ফলত মূৰে কঁপালে হাত দিব লগীয়া হৈছে কলিয়াবৰৰ বৰালীগাঁৱৰ এই সকল কৃষক ৰাইজে। কৃষকসকলে অইলৰ এনে কাণ্ডক গৰিহণা দিয়াৰ লগতে উপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ অইল কৰ্তৃপক্ষক দাবী জনাইছে।

উল্লেখ্য কোনো মাটিত অইলে খনন চলাবলগীয়া হ’লে সেই বিষয়ে আগতীয়াকৈ মাটিৰ গৰাকীক জনাব লাগে যদিও অইলে এই ক্ষেত্ৰত কোনো নিয়ম মানি নচলাৰ অভিযোগ উঠিছে।

Related News