মোদীৰ শপত গ্ৰহণৰ দিনাই হ’ব প্ৰতিবাদ! নিলম্বিত জোৱান কুলৱিন্দৰ কৌৰৰ সমৰ্থনত কৃষকসকলে কৰিব আন্দোলন

বৃহস্পতিবাৰে চণ্ডীগড় বিমানবন্দৰত বিজেপিৰ নিৰ্বাচিত সাংসদ কংগনা ৰানাৱটক চৰ মৰা বুলি অভিযোগ উত্থাপন কৰা চি আই এছ এফৰ কনিষ্টবলৰ সমৰ্থনত একাধিক কৃষক সংঘই প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে।

কনিষ্টবল কুলৱিন্দৰ কৌৰৰ বিৰুদ্ধে কোনো ধৰণৰ অযথা ব্যৱস্থা নোলোৱাৰ দাবী জনাই অহা ৯ জুনত পঞ্জাৱৰ মোহলীত ইনছাফ (ন্যায়) পদযাত্ৰাৰ পৰিকল্পনা কৰিছে কৃষক সংগঠনে। লগতে বিমানবন্দৰত এই ঘটনা সংঘটিত হোৱা সমগ্ৰ ঘটনাক্ৰমৰ সঠিক তদন্তৰ আহ্বান জনায়।

বৃহস্পতিবাৰে বলীউডৰ অভিনেত্ৰী তথা হিমাচল প্ৰদেশৰ বিজেপিৰ নিৰ্বাচিত সাংসদ কংগনাই অভিযোগ কৰে যে চণ্ডীগড় বিমানবন্দৰত নিৰাপত্তা পৰীক্ষাৰ সময়ত এগৰাকী মহিলা কনিষ্টবলে তেওঁক চৰ মাৰিছিল। এই কাৰ্যৰ আঁৰৰ কাৰণ, কনিষ্টবলগৰাকীৰ মতে, কংগনাই কৃষকৰ প্ৰতিবাদৰ অংশ হিচাপে থকা পাঞ্জাবী মহিলাক লৈ কৰা বিতৰ্কিত মন্তব্য।

ইফালে সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ দৰে বিশিষ্ট কৃষক সংগঠনে শুকুৰবাৰে কয় যে তেওঁলোকে কুলৱিন্দৰ কৌৰৰ সমৰ্থনত থিয় দিছে। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি এছ কে এম (অৰাজনৈতিক) নেতা জগজিৎ সিং দলেৱাল আৰু কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ সাধাৰণ সম্পাদক সৰৱান সিং পাণ্ডেৰে পঞ্জাবৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱক সাক্ষাৎ কৰাৰো পৰিকল্পনা কৰিছে।