আন এক কৃষক বিদ্ৰোহৰ উকমুকনি! মুম্বাইলৈ পদব্ৰজে যাত্ৰা হাজাৰ হাজাৰ কৃষকৰ

Farmers marching towards Mumbai

কৃষি আইন বাতিলৰ দাবীত দেশজুৰি সৃষ্টি হোৱা ঐতিহাসিক কৃষক বিদ্ৰোহৰ দৃশ্য সজীৱ হৈ আছে দেশবাসীৰ মনত। কৃষকৰ আপোচবিহীন প্ৰতিবাদৰ ওচৰত সেও মানি অৱশেষত কৃষি আইন বাতিল কৰিবলৈ বাধ্য হৈছিল কেন্দ্ৰীয় চৰকাৰে। আনুষ্ঠানিক দাবী সম্পূৰ্ণ নোহোৱা পৰ্যন্ত দিল্লীৰ ৰাজপথত এবছৰতকৈ অধিক সময় প্ৰতিবাদ সাব্যস্ত কৰি নজিৰ সৃষ্টি কৰিছিল কৃষকসকলে।

এই ঐতিহাসিক কৃষক বিদ্ৰোহৰ পাছত পুনৰ আন এক বিদ্ৰোহৰ উকমুকনি উঠিছে মুম্বাইত। প্ৰাপ্য পূৰণৰ দাবীত মুম্বাইৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে মহাৰাষ্ট্ৰৰ হাজাৰ হাজাৰ কৃষক। চিপিএমৰ উদ্যোগত নাচিক জিলাৰ ডিন্দোৰিৰ পৰা ইতিমধ্যে পদযাত্ৰা আৰম্ভ কৰিছে প্ৰতিবাদী কৃষকসকলে। প্ৰায় ২০০ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰি এই পদযাত্ৰা সমৱেত হ’ব মুম্বাইত।

এই প্ৰতিবাদী সমদলৰ উদ্যোগ লোৱা নেতৃস্থানীয় কৃষকসকলে জানিবলৈ দিয়া মতে, কৃষকৰ উপৰিও অসংগঠিত খণ্ডৰ বহু শ্ৰমিক, যেনে আশা কৰ্মী, আৰু জনজাতীয় লোকসকলেও এই পদযাত্ৰাত যোগদান কৰিছে। পদব্ৰজে আগবঢ়া হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদী সমদলৰ দৃশ্য শেহতীয়াকৈ বন্দী হৈছে ড্ৰ’ন কেমেৰাত।

উল্লেখ্য যে, প্ৰতিবাদী কৃষকসকলে কেইবাটাও দাবী পূৰণৰ দাবীৰে মুম্বাইত সমবেত হোৱাৰ পৰিকল্পনা কৰিছে। পিঁয়াজৰ সঠিক মূল্য লাভ নকৰাৰ ফলত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে মহাৰাষ্ট্ৰৰ পিঁয়াজ খেতিয়কসকল। মুখ্যমন্ত্ৰী একনাথ সিন্দেই উৎপাদন বৃদ্ধিৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি পিয়াঁজ খেতিয়কক প্ৰতি কুইণ্টলত ৩০০ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

কিন্তু মুখ্যমন্ত্ৰী সিন্দেই এই ঘোষণাৰ পৰিৱৰ্তে কৃষকসকলে প্ৰতি কুইণ্টল পিঁয়াজত ৬০০ টকাকৈ আৰ্থিক সাহায্য দাবী কৰিছে। লগতে কৃষকসকলে ১২ ঘণ্টাৰ বাবে নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ যোগান আৰু কৃষি ঋণ ৰেহাইৰ দাবী জনাইছে। সৰিয়হ, কপাহ আৰু তুৰ দাইলৰ উপযুক্ত মূল্য প্ৰদানৰ লগতে শেহতীয়াকৈ হোৱা আবতৰীয়া বৰষুণ আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলক তাৎক্ষণিকভাৱে সকাহ দিয়াৰো দাবী জনাইছে।

ইফালে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা লোকসকলে তদুপৰি ২০০৫ চনৰ পিছত চাকৰিত যোগদান কৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি ৰূপায়ণৰ দাবী উত্থাপন কৰিছে। লক্ষণীয়ভাৱে প্ৰতিবাদী সমদলটো মুম্বাই অভিমুখে যাত্ৰা কৰাৰ সময়তে ৰাজ্য চৰকাৰে প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে আলোচনাৰ পোষকতা কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰৰ দুই কেবিনেট মন্ত্ৰী দাদা ভুছে আৰু অতুল ছেভে পদযাত্ৰাৰ মাজতে প্ৰতিবাদী কৃষকসকলক সাক্ষাৎ কৰিব।

মঙলবাৰে কৃষক আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ মাজত এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পিছত এই বৈঠক বাতিল হৈছিল। ইয়াৰ পিছতৈ কৃষকসকলে চৰকাৰী প্ৰতিনিধি উপস্থিত হৈ তেওঁলোকক লগ কৰিবলৈ দাবী জনাইছে।