NORTHEAST NOW (Assamese)

শীৰ্ষ আৰক্ষী বিষয়াৰ বিস্ফোৰক অভিযোগৰ পিছত দুলি আছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ মন্ত্ৰীত্ব!

March 21, 2021 11:56 am · এন ই নাও নিউজ
Updated: March 21, 2021 12:02 pm

মন্ত্ৰীত্ব হেৰুৱাব নেকি মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে।

শনিবাৰে মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পিছতে এই প্ৰশ্নই সঘনে উচ্চাৰিত হৈছে ৰাজনৈতিক মহলত।

উল্লেখ্য যে শনিবাৰে শীৰ্ষ আৰক্ষী বিষয়া পৰমবীৰ সিঙে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে অন্য এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া শচীন ৱাজেক মাহে ১০০ কোটি টকা সংগ্ৰহৰ নিৰ্দেশ দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছতে ধুমুহাৰ সৃষ্টি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত।

ইফালে বুধবাৰে গৃহমন্ত্ৰী অনিল দেশমুখে ৰাজহুৱাভাৱে আৰক্ষী বিষয়া সিঙৰ বিৰুদ্ধে “ক্ষমাৰ যোগ্য ভুল পোৱা গৈছিল” বুলি উল্লেখ কৰিছিল আৰু ইয়াৰ দুদিনৰ পিছতে পৰমবীৰ সিঙে গহমন্ত্ৰী দেশমুখৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোক উত্থাপন কৰে।

স্মৰ্তব্য যে কিছুদিন পূৰ্বে পৰমবীৰ সিঙক মুম্বাই আৰক্ষী আয়ুক্ত পদৰ পৰা অপসাৰণ কৰি বদলি কৰিছিল মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীগৰাকীয়ে। যি গৰাকী আৰক্ষী বিষয়াক ধন সংগ্ৰহৰ নিৰ্দেশ দিয়া বুলি কোৱা হৈছে সেই গৰাকী শীৰ্ষ আৰক্ষী বিষয়া শচীন ৱাজেক এক গোচৰত NIAএ গ্ৰেপ্তাৰ কৰিছে।

এই অভিযোগৰ পিছতে বিৰোধী তথা বিজেপিয়ে গৃহমন্ত্ৰী অনিল দেশমুখৰ পদত্যাগৰ দাবী কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেবেন্দ্ৰ ফাৰ্ণাণ্ডেজে অনিল দেশমুখক তাৎক্ষণিকভাৱে পদত্যাগৰ দাবী তুলিছে।

সমগ্ৰ বিষয়টোক মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে শাসকীয় মিত্ৰ দলবোৰে গভীৰভাৱে লোৱা দেখা গৈছে। শাসকীয় মিত্ৰ দলসমূহে বিষয়টোক সুক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে এনচিপিৰ নেতা শাৰদ পাৱাৰ আগ্ৰাৰ পৰা গৈ মুম্বাইত উপস্থিত হোৱাৰ পিছতে শাসকীয় মিত্ৰ দলসমূহৰ মাজত বৈঠক অনুষ্ঠিত হ’ব আৰু তাতে অনিল দেশমুখৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ দল শিৱ সেনাৰ এক সূত্ৰৰ অনুসৰি অনিল দেশমুখে পদত্যাগ কৰাটো বিচাৰিছে দলটোৱে। এনচিপিয়ে শাৰদ পাৱাৰে মুম্বাইলৈ ওভতাৰ পিছতহে এই সম্পৰ্কে দলীয় সিদ্ধান্ত গ্ৰহণ কৰিব।

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ মন্ত্ৰীত্ব ৰক্ষিত হ’ব নে নাই সেয়া এতিয়াও স্পষ্ট নহয় যদিও এনচিপিৰ দলীয় সিদ্ধান্তৰ ওপৰত সেয়া বহুখিনি নিৰ্ভৰ কৰিব। এনচিপিয়েও শিৱসেনাৰ দৰে তেওঁৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিলে অনিল দেশমুখৰ মন্ত্ৰীত্ব যোৱাটো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে।

Related News