• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শীৰ্ষ আৰক্ষী বিষয়াৰ বিস্ফোৰক অভিযোগৰ পিছত দুলি আছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ মন্ত্ৰীত্ব!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 21, 2021 12:02 pm

2 min read

l0v5hn4g_maharashtra-home-minister-anil-deshmukh_625x300_23_May_20
894
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰীত্ব হেৰুৱাব নেকি মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে।

শনিবাৰে মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পিছতে এই প্ৰশ্নই সঘনে উচ্চাৰিত হৈছে ৰাজনৈতিক মহলত।

উল্লেখ্য যে শনিবাৰে শীৰ্ষ আৰক্ষী বিষয়া পৰমবীৰ সিঙে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে অন্য এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া শচীন ৱাজেক মাহে ১০০ কোটি টকা সংগ্ৰহৰ নিৰ্দেশ দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছতে ধুমুহাৰ সৃষ্টি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত।

ইফালে বুধবাৰে গৃহমন্ত্ৰী অনিল দেশমুখে ৰাজহুৱাভাৱে আৰক্ষী বিষয়া সিঙৰ বিৰুদ্ধে “ক্ষমাৰ যোগ্য ভুল পোৱা গৈছিল” বুলি উল্লেখ কৰিছিল আৰু ইয়াৰ দুদিনৰ পিছতে পৰমবীৰ সিঙে গহমন্ত্ৰী দেশমুখৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোক উত্থাপন কৰে।

স্মৰ্তব্য যে কিছুদিন পূৰ্বে পৰমবীৰ সিঙক মুম্বাই আৰক্ষী আয়ুক্ত পদৰ পৰা অপসাৰণ কৰি বদলি কৰিছিল মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীগৰাকীয়ে। যি গৰাকী আৰক্ষী বিষয়াক ধন সংগ্ৰহৰ নিৰ্দেশ দিয়া বুলি কোৱা হৈছে সেই গৰাকী শীৰ্ষ আৰক্ষী বিষয়া শচীন ৱাজেক এক গোচৰত NIAএ গ্ৰেপ্তাৰ কৰিছে।

এই অভিযোগৰ পিছতে বিৰোধী তথা বিজেপিয়ে গৃহমন্ত্ৰী অনিল দেশমুখৰ পদত্যাগৰ দাবী কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেবেন্দ্ৰ ফাৰ্ণাণ্ডেজে অনিল দেশমুখক তাৎক্ষণিকভাৱে পদত্যাগৰ দাবী তুলিছে।

সমগ্ৰ বিষয়টোক মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে শাসকীয় মিত্ৰ দলবোৰে গভীৰভাৱে লোৱা দেখা গৈছে। শাসকীয় মিত্ৰ দলসমূহে বিষয়টোক সুক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে এনচিপিৰ নেতা শাৰদ পাৱাৰ আগ্ৰাৰ পৰা গৈ মুম্বাইত উপস্থিত হোৱাৰ পিছতে শাসকীয় মিত্ৰ দলসমূহৰ মাজত বৈঠক অনুষ্ঠিত হ’ব আৰু তাতে অনিল দেশমুখৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ দল শিৱ সেনাৰ এক সূত্ৰৰ অনুসৰি অনিল দেশমুখে পদত্যাগ কৰাটো বিচাৰিছে দলটোৱে। এনচিপিয়ে শাৰদ পাৱাৰে মুম্বাইলৈ ওভতাৰ পিছতহে এই সম্পৰ্কে দলীয় সিদ্ধান্ত গ্ৰহণ কৰিব।

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ মন্ত্ৰীত্ব ৰক্ষিত হ’ব নে নাই সেয়া এতিয়াও স্পষ্ট নহয় যদিও এনচিপিৰ দলীয় সিদ্ধান্তৰ ওপৰত সেয়া বহুখিনি নিৰ্ভৰ কৰিব। এনচিপিয়েও শিৱসেনাৰ দৰে তেওঁৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিলে অনিল দেশমুখৰ মন্ত্ৰীত্ব যোৱাটো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে।

Recent News

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd