• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী নাগৰিক সজাই কাৰাৰুদ্ধ কৰা প্ৰৌঢ়াই ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিলে ক্ষতিপূৰণ কোনে দিব প্ৰশ্ন বিচাৰপীঠৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2026 8:59 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩ বছৰ পাকিস্তানত বাস কৰাৰ সূত্ৰে পাকিস্তানী নাগৰিক সজাই কাৰাৰুদ্ধ কৰা ৬০ বছৰীয়া ফতেমা বিবি নামৰ এগৰাকী বৰ্ষীয়ান মহিলাগৰাকীৰ ভাৰতীয় নাগৰিকত্বৰ আবেদনৰ ফাইল সন্ধানহীন হোৱা ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কলিকতা উচ্চ ন্যায়ালয়ে। বৰ্ষীয়ান মহিলাগৰাকীয়ে নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিলে ক্ষতিপূৰণ কোনে দিব বুলি প্ৰশ্ন তুলি সমগ্ৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা প্ৰতিবেদন তলব কৰিছে ন্যায়ালয়ে।

 

Apply Now

ন্যায়াধীশ কৃষ্ণ ৰাওৰ বিচাৰপীঠে শুনানিকালত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পাকিস্তানী নাগৰিক বুলি কাৰাৰুদ্ধ কৰা বৰ্ষীয়ান মহিলাগৰাকী ২০০২ আৰু ২০০৫ চনৰ ডকেট নম্বৰ থকা নাগৰিকত্বৰ দুটাকৈ ফাইল বিচাৰি পোৱা নাই গৃহ মন্ত্ৰালয়ে। যদি গোচৰকাৰীয়ে নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰে, তেন্তে ইয়াৰ ক্ষতিপূৰণ ভাৰত চৰকাৰে দিব নে পাকিস্তান চৰকাৰে দিব বুলি বিচাৰপীঠে প্ৰশ্ন কৰে। সমগ্ৰ বিষয়টোৰ জটিলতা অনুধাৱন কৰি অহা ১৭ আগষ্টৰ ভিতৰত গৃহ মন্ত্ৰালয়ক তথ্যসহ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।

 

প্ৰাপ্ত তথ্য অনুসৰি, ১৯৬৫ চনত পশ্চিমবঙ্গৰ হুগলি জিলাৰ হৰিপালত জন্মগ্ৰহণ কৰা ফতেমা বিবিৰ পিতৃ-মাতৃ দুয়োগৰাকীয়েই ভাৰতীয় নাগৰিক আছিল। তেওঁলোকৰ নামত হুগলিত ভূমি, কৰ আদায়ৰ ৰেকৰ্ড আৰু অন্যান্য চৰকাৰী নথি-পত্ৰ মজুত আছে। মাত্ৰ তিনি বছৰ বয়সত পিতৃৰ সৈতে পাকিস্তানলৈ যোৱা ফতেমাই ১৯৮১ চনত স্থায়ীভাৱে ভাৰতলৈ প্ৰত্যাহাবৰ্তন কৰে। ইয়াৰ পিছত ১৯৮২ চনত মোজাফ্‌ফৰ মল্লিকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ফতেমাৰ দুই কন্যা নিলুফাৰ মল্লিক আৰু ইয়াছমিন মল্লিক জন্মসূত্ৰে ভাৰতৰ নাগৰিক।

 

২০০৩ চনত ফতেমাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন জনাইছিল আৰু ইয়াৰ সৈতে পৰিচয় পত্ৰ, বিবাহৰ নথি, পৰিয়ালৰ কাগজপত্র জমা দিছিল। ২০০৮ চনত পশ্চিমবঙ্গ চৰকাৰে ফতেমাৰ ভাৰতত থকাৰ সময়সীমা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শও দিছিল। কিন্তু গৃহ মন্ত্ৰালয়ত এই আবেদন ওলমি ৰোৱাৰ সময়তে ২০২৫ চনত পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত চলোৱা অভিযানত ফতেমাক ‘সন্দেহজনক’ পাকিস্তানী নাগৰিক হিচাপে চিনাক্ত কৰি যোৱা বছৰৰ ২ মে’ত গ্ৰেপ্তাৰ কৰা হয়। বৈদেশিক আইনৰ ১৪ ধাৰাত গোচৰ ৰুজু কৰি কাৰাৰুদ্ধ কৰা প্ৰৌঢ়গৰাকীয়ে যোৱা মাহত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে।

 

ইফালে গৃহ মন্ত্ৰালয়ে ফতেমাৰ ২০০৩ চনৰ মূল আবেদন পত্ৰ হেৰোৱা বুলি দাবী কৰি সকলো নথি-পত্ৰ পুনৰ জমা দিবলৈ নিৰ্দেশ দিয়াত, নিজৰ মূল আবেদনৰ দ্ৰুত নিষ্পত্তিৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় প্ৰৌঢ়াগৰাকী। অহা ১৭ আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd