• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফিজিক্সত পাইছিল মাত্ৰ ৯, ‘ডাক্তৰ’ হ’ব বিচৰা পুত্ৰৰ বাবে পিতৃয়ে ১০ লাখত কিনিছিল NEET-ৰ প্ৰশ্নকাকত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 11:08 am
359
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে NEET বিতৰ্কৰ অন্ত পৰা নাই। পৰীক্ষা বাতিল হোৱাৰ পিছত প্ৰতিদিনে চিবিআইৰ তদন্তত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য ওলাই পৰিছে। শেহতীয়াকৈ জয়পুৰৰ জামৱাৰামগড় অঞ্চলৰ বিৱাল পৰিয়ালৰ কাহিনীয়ে তদন্তকাৰীৰ চকু কপালত তুলিছে।

প্ৰতিবেদন অনুসৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ টনাটনি লগা ছাত্ৰজনৰ পিতৃয়ে NEET-ৰ প্ৰশ্নকাকত ক্ৰয় কৰিবলৈ লাখ লাখ টকা খৰচ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

প্ৰতিবেদন অনুসৰি অভিযুক্ত ছাত্ৰজনে ‘গ্ৰেচ মাৰ্ক’ অৰ্থাৎ অতিৰিক্ত নম্বৰৰ বাবে কেনেবাকৈ দ্বিতীয় বিভাগত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল। দ্বাদশ শ্ৰেণীৰ থিয়ৰিৰ পৰীক্ষাৰ নম্বৰ শুনিলে যিকোনো ব্যক্তিয়ে আচৰিত হ’ব। তেওঁ পদাৰ্থ বিজ্ঞানত মাত্ৰ ৯ নম্বৰহে লাভ কৰিছিল। ৰসায়ন বিজ্ঞানত ১৫ আৰু জীৱবিজ্ঞানত ২০। অৰ্থাৎ বিজ্ঞানৰ মৌলিক কথাবোৰত সামান্যতমো আকৰ্ষণ নথকা সত্ত্বেও ডাক্তৰ হোৱাৰ দৌৰত যোগ দিলে।

চিবিআইৰ জেৰাৰ সময়ত ছাত্ৰজনৰ পিতৃ দীনেশ বিৱালে স্বীকাৰ কৰে যে তেওঁ পুত্ৰ আৰু ভতিজাকৰ প্ৰশ্নকাকত ক্ৰয় কৰিবলৈ বহু টকা খৰচ কৰিছিল। দীনেশৰ বক্তব্য অনুসৰি পৰীক্ষাৰ প্ৰায় ১৫ ঘণ্টাৰ আগতেই প্ৰশ্নকাকত তেওঁলোকৰ ওচৰ পালেহি।

প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে এই দুই নম্বৰী কামৰ বাবে প্ৰায় ১০ লাখ টকাৰ লেনদেন কৰা হৈছিল। প্ৰশ্নকাকতসমূহ মূলতঃ এপ আৰু পিডিএফ ফাইলৰ জৰিয়তে সৰবৰাহ কৰা হৈছিল।

এক প্ৰতিবেদন অনুসৰি পৰীক্ষাৰ আগদিনা ৰাতি হাতত প্ৰশ্নোত্তৰ পোৱাৰ পিছতো ছাত্ৰজনে NEET পৰীক্ষাত ভাল ফলাফল দেখুৱাব পৰা নাছিল। যদিও ৬০০তকৈ অধিক নম্বৰ পোৱাৰ লক্ষ্যৰে প্ৰশ্নবোৰ কিনা হৈছিল, তথাপিও পৰীক্ষাত তেওঁ মাত্ৰ ১০৭ নম্বৰহে লাভ কৰিছিল। ফাদিল হোৱা প্ৰশ্ন পোৱাৰ পিছতো এনে ব্যৰ্থতাই সংশ্লিষ্ট ছাত্ৰজনৰ প্ৰতিভাৰ স্তৰ প্ৰমাণ কৰে।

এই তথ্য পোহৰলৈ অহাৰ পিছতে ছচিয়েল মিডিয়াত সমালোচনাৰ জোৱাৰ উঠে। নেটিজেনৰ প্ৰশ্ন – প্ৰশ্ন ফাদিলৰ বিষয়টো যদি পোহৰলৈ নাহিলহেঁতেন আৰু কেনেবাকৈ ছাত্ৰজনে চিকিৎসা বিজ্ঞানত সুযোগ পালেহেঁতেন তেন্তে মানুহৰ জীৱনৰ সুৰক্ষা ক’ত থাকিলেহেঁতেন?

তদন্তকাৰী সংস্থাটোৱে কয় যে এই প্ৰশ্ন ফাদিল নেটৱৰ্ক কেৱল ছাত্ৰজন বা তেওঁৰ পৰিয়ালৰ মাজতে সীমাবদ্ধ নহয়। ৰাজস্থানৰ ছিকাৰৰ কেইবাটাও কোচিং চেণ্টাৰৰ ছাত্ৰ-ছাত্ৰীকো এই প্ৰশ্নকাকত বিতৰণ কৰা হয়। দীনেশ বিৱালে এজন ৰাকেশ মাণ্ডাবাৰীৰ জৰিয়তে ফাদিল হোৱা প্ৰশ্নকাকত সংগ্ৰহ কৰে। এতিয়া চিবিআইয়ে এই চক্ৰৰ উৎসৰ তদন্ত কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd