• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ব্যৱসায়িক লোকচানত ক’লা যাদুৰ সন্দেহ! অন্ধ বিশ্বাসৰ পৰিণতিত পিতৃৰ হাততে প্ৰাণ হেৰুৱালে তিনি বছৰীয়া কন্যা শিশুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2022 8:15 pm
Child died due to black magic
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় পৰম্পৰাগত সমাজ ব্যৱস্থাটোৰ সৈতে অসংখ্য অন্ধ বিশ্বাস আৰু কুসংস্কাৰ সংপৃক্ত হৈ আছে। সেয়েহে এই পৰম্পৰাগত সমাজ ব্যৱস্থাটো একৈশ শতিকাৰ এই বিজ্ঞানৰ চমকপ্ৰদ উন্নতিৰ যুগতো অন্ধ বিশ্বাসত ডুব গৈ থকাটো তেনেই স্বাভাৱিক কথাই বুলিব পাৰি। অন্ধ বিশ্বাসৰ ভয়াৱহ পৰিণতিত দেশত অলেখ মৰ্মান্তিক আৰু উদ্বেগজনক ঘটনা সংঘটিত হৈছে। কিন্তু তাৰ পিছতো ইয়াৰ কৱলৰ পৰা উদ্ধাৰ হোৱা নাই দেশবাসী।

দেশৰ অশিক্ষিত সাধাৰণ লোকৰ কথা বাদেই, প্ৰায়খিনি শিক্ষিত, উচ্চপ্ৰদস্থ ভব্য-গব্য লোকেই প্ৰতিনিয়ত অন্ধ বিশ্বাসৰ চিকাৰ হৈ আহিছে। এতিয়াও নিজৰ উত্থান-পতনৰ বাবে এইসকল লোকে দোষাৰোপ কৰে গ্ৰহ-নক্ষত্ৰক, নহ’লে ভাবি লয় কাৰোবাৰ ক’লা যাদুৰ চিকাৰ হোৱা বুলি। আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে এইসকলে আশ্ৰয় লয় কিছুমান কুপ্ৰথাৰ।

Apply Now

এনে অন্ধ বিশ্বাসৰ বাবে বিপদৰ সন্মুখীন হোৱা উদাহৰণ দেশৰ চুকে-কোণে অনেক ওলাব। শেহতীয়াকৈ এনে এক ভয়াৱহ ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত।

ৰাজ্যখনৰ নেল্লোৰ জিলাৰ এজন লোকে ক’লা অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ হত্যা কৰিছে নিজৰে তিনি বছৰীয়া কন্যা সন্তানক। প্ৰকাশিত খবৰ অনুসৰি পেৰাৰেড্ডীপল্লী গাঁৱৰ বেণুগোপাল নামৰ লোকজন নিজৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছিল।

এই লোকচানৰ অন্তৰালত কোনো দুষ্ট শক্তিৰ ক’লা যাদুৰ ছাঁ আছে বুলি বিশ্বাস কৰি বেণুগোপালে এই ছাঁ আঁতৰাবৰ বাবে নিজ গৃহত এক ক’লা যাদুৰ অনুষ্ঠান আয়োজন কৰিছিল।

বেণুগোপালে প্ৰায়ে তেওঁৰ পৰিয়ালক কৈছিল যে তেওঁৰ শনি ভাল নহয়। আনকি ঘটনাটোৰ দিনাও, তেওঁ একে শাৰী বাক্যকে দোহাৰিছিল আৰু এই ‘শনি’ৰ পৰা পৰিত্ৰাণ পাবলৈ পূজা কৰাৰ সিদ্ধান্ত লৈছিল।

এই পূজাৰ অংশ হিচাপে বেণুগোপালে তেওঁৰ ৩ বছৰীয়া কন্যাৰ গাত হালধিপানী ঢালিছিল। তাৰ পিছতে বেণুগোপালে শিশুটিৰ মুখত সোপা দি শ্বাসৰুদ্ধ কৰি তুলিছিল। আনহাতে বেণুগোপালৰ ডাঙৰ কন্যা সন্তান গৰাকীয়ে ইয়াত বিপদৰ উমান পাই কান্দি কান্দি ঘৰৰ বাহিৰলৈ দৌৰি ওলায় যায়।

তেওঁ চুবুৰীয়াসকলক এক ভয়াৱহ ঘটনাৰ আশংকাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। চুবুৰীয়া লোকসকলে লগে লগে শিশুটিক উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।

কিন্তু শিশুটিৰ শাৰীৰিক অৱস্থা গুৰুতৰ হৈ পৰাৰ বাবে লগে লগে উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। কিন্তু বৃহস্পতিবাৰে পুৱা চিকিৎসাধীন অৱস্থাত শিশুটিৰ মৃত্যু হয়।

তিনি বছৰীয়া কন্যা শিশুটিৰ মৃত্যুৰ পিছতে শিশুটিৰ পিতৃ বেণুগোপালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে হত্যাকাৰী বেণুগোপালক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd