Father and son die শোকাৱহ: ফটকাৰ বিস্ফোৰণ ঘটি পিতৃৰ সৈতে নিহত ৭ বছৰীয়া পুত্ৰ,ক’ত?

দীপাৱলীৰ আনন্দত সমগ্ৰ দেশ মতলীয়া হৈ থকাৰ সময়তে সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

ফটকাৰ বিস্ফোৰণ ঘটি সাত বছৰীয়া পুত্ৰৰ সৈতে মৃত্যু ঘটিছে এগৰাকী পিতৃৰ।

ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ ভিল্লুপুৰম জিলাত। পুডুছেৰীৰ আৰিয়ানকুপ্পাম নামৰ অঞ্চলটোৰ বাসিন্দা ৩৭ বছৰীয়া কে কালাইনেচানে তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ সৈতে এখন স্কুটাৰত এবেগ বোমালৈ ঘৰলৈ বুলি আহি আছিল।

কিন্তু ঘৰ পোৱাৰ আগতেই চিন্না কোট্টাকুপ্পাম নামৰ অঞ্চলটোত বেগত অনা ফটকাৰ প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ ঘটে।

এই বিস্ফোৰণত স্কুটাৰ খন খণ্ড-বিখণ্ড হৈ পৰাৰ লগতে থিতাতে পিতা-পুত্ৰৰ মৃত্যু ঘটে।

সেই সময়ত বাটেৰে গৈ থকা আন তিনি জন লোকো বিস্ফোৰণৰ ফলত গুৰুতৰ ভাবে আহত হয়।

আহত লোককেইজনক পুডুছেৰীৰ জৱহৰলাল নেহৰু পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেছন এণ্ড ৰিচাৰ্চৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ভিল্লুপুৰমৰ আৰক্ষী অধীক্ষক এন শ্ৰীনাথে প্ৰকাশ কৰা মতে কুনিমেদু গাঁৱত থকা তেওঁৰ শাহুৱেকৰ ঘৰৰ পৰা উক্ত ফটকা খিনি বেগত ভৰাই আনিছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিস্ফোৰণ ঘটা ফটকা খিনি গ্ৰীণ ক্ৰেকাৰ অৰ্থাৎ সেউজীয়া ফটকা নাছিল।