বিতৰ্কিত আৰু সমালোচিত আমেৰিকাৰ বিনিয়োগকাৰী জেফ্ৰি এপষ্টেইন ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এহুদ বাৰাকৰ অতি ঘনিষ্ঠ আছিল বুলি আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা এফ বি আইৰ এক গোপন নথিত দাবী কৰা হৈছে। কোনো নিৰ্ভৰযোগ্য সূত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত এই নথিখন প্ৰস্তুত কৰা হৈছিল।
২০২০ চনত প্ৰস্তুত কৰা নথিখনত উল্লেখ আছে যে এপষ্টেইনে এহুদ বাৰাকৰ অধীনত চোৰাংচোৱা হিচাপে প্ৰশিক্ষণ লৈছিল। শেহতীয়াকৈ এই নথিখন ৰাজহুৱা কৰা হৈছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় মহলত এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে।
ইয়াৰ পূৰ্বে বিভিন্ন প্ৰভাৱশালী ৰাজনৈতিক আৰু ব্যৱসায়িক ব্যক্তিৰ সৈতে এপষ্টেইনৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ সম্ভাৱ্য চোৰাংচোৱা সম্পৰ্কৰ তথ্যই বিষয়টো আৰু অধিক স্পৰ্শকাতৰ কৰি তুলিছে। এই নথিখনে এপষ্টেইনক লৈ দীৰ্ঘদিনীয়া সন্দেহ পুনৰ জগাই তুলিছে। সেই সন্দেহটো হ’ল – এপষ্টেইনে মোছাদৰ হৈ প্ৰভাৱশালী লোকসকলক ব্লেকমেইল কৰাত ইন্ধন যোগাইছিল নেকি?
২০২০ৰ ১৯ অক্টোবৰৰ নথিখনত মোছাদৰ সমন্বয়ত এপষ্টেইনৰ চোৰাংচোৱা কাৰ্যকলাপৰ সবিশেষ উল্লেখ কৰা হৈছে। গোপনীয় উৎসটোৱে এপষ্টেইনৰ ঘনিষ্ঠ লোকৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছিল।
নথিখনত এপষ্টেইনৰ অধিবক্তা তথা হাৰ্ভাৰ্ডৰ আইনৰ অধ্যাপক এলান ডেৰশ্ব’ৱিট্জৰ সৈতে একাধিক ফোন কথোপকথনৰ বিশদ বিৱৰণ দিয়া হৈছে। এপষ্টেইনৰ সৈতে কথা পতাৰ লগে লগে ডেৰশ্ব’ৱিট্জক মোছাডে ফোন কৰি অধিক সবিশেষ জানিবলৈ দিয়ে। কথা-বতৰাৰ তথ্য ৰখা সূত্ৰটোৱে জনোৱা মতে, গোটেই কথাটো সুসমন্বিত চোৰাংচোৱা অভিযানৰ অংশ আছিল।
ডেৰশ্ব’ৱিট্জকে নিজেই এবাৰ কৈছিল যে বয়স কম পোৱা হ’লে মোছাদত যোগদান কৰিলেহেঁতেন। এফ বি আইৰ সূত্ৰটোৱে ধাৰণা কৰে যে ডেৰশ্ব’ৱিটজক মোছাডে তেওঁলোকৰ মিছনৰ বাবে “নিযুক্ত” কৰিছিল। সামগ্ৰিকভাৱে নথিখনত এপষ্টেইনক মোছাদৰ “কো-অপ্টেড এজেণ্ট” হিচাপে উপস্থাপন কৰা হৈছে।





