• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণ সংক্ৰমণৰ আশংকা : গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকক পুনৰ ওভতাই পঠালে গুৱাহাটীলৈ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , June 29, 2020 2:54 pm

2 min read

Coronavirus-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

15.7k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰত চৰকাৰে কোভিড ১৯ ৰ গণ সংক্ৰমণ প্ৰতিৰোধ বাবে ১৪ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ লগেলগে গুৱাহাটীত কৰ্মৰত শ্ৰমিকৰ লগতে একাংশ লোকে ধাপলি মেলিছে নিজ গৃহলৈ৷

বিগত দুটা দিন ধৰি গুৱাহাটীৰ পৰা গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী মানকাছাৰ আদিলৈ বাছৰে আহিছে শ শ লোক৷

গুৱাহাটীৰ পৰা বাছৰে অহা এই লোকসকলে বাছৰ ভিতৰতো গ্ৰহণ কৰা নাই সামাজিক দূৰত্বৰ কথা৷

ইফালে গুৱাহাটীৰ পৰা অহা এই সকলোক লোকে গাঁও সমূহত প্ৰৱেশ কৰাৰ পিছতে এই অঞ্চল সমূহতো গুৱাহাটীৰ দৰে কোভিড১৯ ৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে একাংশ লোকে৷

কিয়নো গণ সংক্ৰমিত এলেকাৰ পৰা অহা এই সকললোকক কৰা নাই কোনো স্বাস্থ্য পৰীক্ষা ৷

শেহতীয়াকৈ পোৱা খবৰ অনুসৰি গুৱাহাটীত ল’কডাউন ঘোষণাৰ পিছতে নিজ গৃহলৈ বুলি অহা এগাৰাকী মহিলাসহ দুই সন্তানক গণ সংক্ৰমণৰ আশংকাত ৰাতিটো ৰাখি পুৱাই পুনৰ গুৱাহাটীলৈ পঠিয়াই দিয়াৰ এক খবৰ আহিছে৷

প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ পৰা কালি বিয়লি কৃষ্ণাইৰ টকুৰাৰ নিজ ঘৰত দুই সন্তানসহ এগৰাকী মহিলা উপস্থিত হোৱা খবৰ লাভ কৰি স্থানীয়লোকে আশা কৰ্মীক খবৰ দিয়ে।

আশা কৰ্মী গৰাকীয়ে গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোককেইজনক হোম কোৱাৰেন্টতাইন কৰাৰ পৰামৰ্শ দি গুচি যায়৷

ইফালে পৰিয়ালৰ মুৰৰ্ব্বীয়ে হোম কোৱাৰেন্টাইন হোৱাৰ ভয়ত মহিলাসহ দুই সন্তানক ৰাতিপুৱাই পুনৰ গুৱাহাটীলৈ ওভতাই পঠালে৷

ঘটনাৰ সবিশেষ জানি স্থানীয় একাংশ লোক অঞ্চলটোত গণ সংক্ৰমণৰ হ’ব পাৰে বুলি শংকিত হৈ পৰে৷

অৱশ্যে গুৱাহাটীৰ পৰা অহা লোকসকলে যিহেতু এটা ৰাতি পৰিয়ালৰ সতে অতিবাহিত কৰিলে সেই কাৰণে স্থানীয়লোকে পৰিয়ালটোক নিজাববীয়াকৈ ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰে৷

গুৱাহাটীৰ পিছতে ৰাজ্যৰ অন্যপ্ৰান্তত গণ সংক্ৰমণৰ আশংকাত ৰাইজ চিন্তিত হোৱা পৰিলক্ষিত হৈছে৷

গুৱাহাটীৰ পৰা ঘৰলৈ আহা লোক সকলোক স্বাস্থ্য বিভাগ অথবা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা নাই ৷

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd