NORTHEAST NOW (Assamese)

নিশা আৰক্ষীৰ অভিযান; প্ৰতিবাদলৈ ভয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন নৱগঠিত বিজেপি চৰকাৰৰ

May 25, 2021 11:54 am · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰৰ বিধায়কক অপমানসূচক মন্তব্য কৰাৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাৰ আশংকাত মাজ নিশা জাতীয় দল-সংগঠনৰ নেতাৰ ঘৰে ঘৰে শিৱসাগৰ আৰক্ষীয়ে চলালে অভিযান।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মানসিক ৰোগৰ চিকিৎসা কৰি আছে বুলি বিধানসভাৰ অধিবেশনত মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল তাৰ বিৰুদ্ধে আজি শিৱসাগৰত প্ৰতিবাদ হোৱাৰ ভয়ত শিৱসাগৰ আৰক্ষীয়ে বিভিন্ন দল-সংগঠনৰ চাৰিজন নেতাক সোমবাৰে নিশা ঘৰৰ পৰা আটক কৰিছিল।

সোমবাৰে নিশা প্ৰায় ১১.৩০ মান বজাত শিমলুগুৰি আৰক্ষীয়ে শিমলুগুৰিৰ নিজা ঘৰৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক আটক কৰি গোটেই নিশা শিমলুগুৰি থানাত ৰাখে। আজি পুৱা তেওঁক শিৱসাগৰ সদৰ আৰক্ষী থানাত হাজিৰ কৰোৱা হয়।

ইপিনে, একে সময়তে অসম ছাত্ৰ সন্মিলনীৰ নেতা জিন্তু মেছ আৰু ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক পদ্মকান্ত দাসক শিৱসাগৰ আৰক্ষীয়ে নিজ গৃহৰ পৰা আটক কৰি আনে।

অনহাতে, প্ৰতিবাদলৈ ভয় কৰি শিৱসাগৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাক শোৱা পাতিৰ পৰাই তুলি নিশা প্ৰায় ১.৩০ বজাত আটক কৰি শিৱসাগৰ সদৰ থানালৈ আনে।

তিনিওজন যুৱকক ওৰে নিশা শিৱসাগৰ সদৰ থানাত ৰাখি আজি পুৱা মুকলি কৰি দিয়ে। আনহাতে, পুৱা শিমলুগুৰি আৰক্ষীয়েও মানস কোঁৱৰক মুকলি কৰি দিয়ে।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলি আশংকা কৰিয়েই শিৱসাগৰ আৰক্ষীয়ে এই চাৰিজনক আটক কৰাৰ লগতে শৃংখল চলিহাকে ধৰি আন বহু নেতাক বিচাৰিও অভিযান চলাইছিল শিৱসাগৰ আৰক্ষীয়ে।

Related News