DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ! ২লাখৰ তললৈ নামিল দৈনিক আক্ৰান্তৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 12:37 pm
Third COVID-19 wave may not happen if we take strong measures, says Centre

প্ৰতিনিধিত্বমূলক ফটো।

252
VIEWS
Share on FacebookShare on Twitter

দেশখনত একেৰাহে কেইবাদিনো ধৰি হ্ৰাস পাইছে দৈনিক সংক্ৰমণৰ ঘটনা। মঙলবাৰে দৈনিক আক্ৰান্তৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে। সেইদৰে যোৱা ২৪ ঘন্টাত মৃত্যুৰ সংখ্যাও পুনৰ কমিছে।

সেইদৰে আৰোগ্যৰ হাৰো যথেষ্ট বৃদ্ধি পাইছে। সকলো মিলি কোভিড পৰিস্থিতিয়ে এক আশা জগাই তুলিছে।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৯৬হাজাৰ ৪২৭ জন লোক।

সোমবাৰৰ তুলনাত এই সংখ্যা যথেষ্ট কম। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ২ লাখ ২২হাজাৰ ৩১৫ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ২কোটি ৬৯লাখ ৪৮হাজাৰ ৮৭৪জনলৈ বৃদ্ধি পাইছে।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩ হাজাৰ ৫১১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। সোমবাৰে এই সংখ্যা আছিল ৪হাজাৰ ৪৫৪জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৭ হাজাৰ ২৩১জন।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩লাখ ২৬হাজাৰ ৮৫০ জন ৰোগীয়ে।

সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৪০লাখ ৫৪হাজাৰ ৮৬১জন লোক।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ২৫লাখ ৮৬হাজাৰ ৭৮২জন। সোমবাৰে এই সংখ্যা আছিল ২৭লাখ ২০হাজাৰ ৭১৬জন।

বৰ্তমানলৈ দেশত ১৯কোটি ৮৫ লাখ ৩৮ হাজাৰ ৯৯৯ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা আগতকৈ হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও হ্ৰাস পোৱাটো আশাব্যঞ্জক খৱৰ। বিশেষজ্ঞসকলে অনুমান কৰা মতে জুলাই মাহত কৰ’নাৰ দ্বিতীয় ঢৌ কমি যাব।

অৱশ্যে কৰ’নাৰ তৃতীয়টো ঢৌক লৈ শংকাৰ কাৰণ এতিয়াও আছে।

Tags: COVID-19

Recent News

CM relief fund: মানৱতাৰ নিদৰ্শন! টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৫১০০০ টকা

CM relief fund: মানৱতাৰ নিদৰ্শন! টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৫১০০০ টকা

Assam Career

Assam Career : খাৰুপেটীয়া মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী , জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Assam Career

Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd